পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ ব্লচমেন ছেণ্ট আৰু এছ এন বেনাৰ্জী ৰোড ক্ৰছিঙত শনিবাৰে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। কলকাতা আৰক্ষীয়ে জনোৱা মতে, দুপৰীয়া প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
দিনৰ ১.৪৫ বজাত আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। জাবৰ সংগ্ৰাহক হিচাপে কাম কৰা এজন ব্যক্তি আহত হয় এই বিস্ফোৰণ কাণ্ডত।
আৰক্ষীয়ে জনোৱা মতে, এটা বেগৰ পৰাই এই বিস্ফোৰণ সংঘটিত হয়। যেতিয়া এজন ব্যক্তিয়ে বেগটো তুলিবলৈ চেষ্টা কৰিছিল তেতিয়া বিস্ফোৰণ ঘটিছিল। আহত ব্যক্তিজনক এন আৰ এছ হাস্পতাললৈ লৈ যোৱা হৈছে। তেওঁ সোঁ হাতত আঘাত পাইছে।
ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ৰখাৰ পিছতে বোমা ডিটেকচন এণ্ড ডিচপ’জেল স্কোয়াড (বিডিডিএছ)ৰ দলক ঘটনাস্থললৈ মাতি অনা হয়।
দলটোৱে বিস্ফোৰণস্থলীত পৰি ৰোৱা বেগটো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল পৰীক্ষা কৰি আছে। তেওঁলোকৰ অনুমোদনৰ পিছতহে যাতায়তৰ অনুমতি দিয়া হয়। এই মুহূৰ্তত বিস্ফোৰণৰ কাৰণ স্পষ্ট হোৱা নাই।