উত্তৰ প্ৰদেশৰ মেৰঠৰ লোহিয়া নগৰ থানা এলেকাৰ মহল্লা জাকিৰ কলনীত শনিবাৰে সন্ধিয়া বৰষুণৰ ফলত এটা তিনিমহলীয়া অট্টালিকা ভাঙি পৰে। এই ঘটনাত এটা পৰিয়ালৰ প্ৰায় ১৫ জন লোকক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে।
দেওবাৰে পুৱা ৩ বজালৈকে প্ৰায় ১০ ঘণ্টা ধৰি চলা উদ্ধাৰ অভিযানত ১১ জন লোক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়, ইয়াৰে জিলা দণ্ডাধীশৰ মতে ৯ জন লোকৰ মৃত্যু হৈছে। ধ্বংসাৱশেষত এতিয়াও ৪ জন লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ ঘটনাৰ খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰে আৰু অলপ সময়ৰ ভিতৰতে ঘটনাস্থলত হাজাৰ হাজাৰ লোক উপস্থিত হয়। ইফালে তথ্য লাভ কৰাৰ লগে লগে কেইবাখনো থানাৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি উপস্থিত হয় আৰু স্থানীয় নাগৰিকৰ সহায়ত উদ্ধাৰ অভিযান চলায়।
উল্লেখ্য যে, মুছলমান প্ৰধান অঞ্চল জাকিৰ কলনীৰ সৰু সৰু ৰাস্তাৰ বাবে জেচিবিৰ দৰে মেচিন সেই স্থানত উপস্থিত হ’ব পৰা নাছিল, সেয়েহে উদ্ধাৰ অভিযানত যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল।