১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলা। ১৯ ছেপ্টেম্বৰৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হ’ব ভাৰত বনাম বাংলাদেশৰ প্ৰথমখন টেষ্ট মেচ।
এই শৃংখলাটোত ভাৰতৰ কিংবদন্তি অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক লৈ যথেষ্ট আশাবাদী ক্ৰিকেট অনুৰাগী। টেষ্ট ক্ৰিকেটত ইতিহাস সৃষ্টিৰ পৰা মাত্ৰ ২ খোজ দূৰত ৰবিচন্দ্ৰন অশ্বিন। অষ্ট্ৰেলিয়াৰ মহান স্পিনাৰ শ্বেন ৱাৰ্ণৰ ১৮ বছৰীয়া অভিলেখ ভংগ কৰাৰ সুযোগ পাব অশ্বিনে।
উল্লেখ্য যে, ভাৰতৰ হৈ ১০০ খন টেষ্ট মেচ খেলি এই পৰ্যন্ত মুঠ এটা ইনিংছত ৩৬ বাৰ ৫ টা উইকেট দখল কৰিছে ৰবিচন্দ্ৰন অশ্বিনে। ইফালে অষ্ট্ৰেলিয়াৰ হৈ ১৪৫খন টেষ্ট মেচ খেলা শ্বেন ৱাৰ্নে নিজৰ কেৰিয়াৰত মুঠ ৩৭ বাৰ ৫টা উইকেট দখল কৰিছিল।
বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত যদি ৰবিচন্দ্ৰন অশ্বিনে আৰু দুবাৰ ৫টা উইকেট দখল কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ শ্বেন ৱাৰ্ণৰ ১৮ বছৰীয়া মহান অভিলেখ ভংগ কৰিব।
সৰ্বাধিক ৫টা উইকেট দখল কৰা বিশ্বৰ শীৰ্ষ বলাৰ (টেষ্ট)
১) মুথিয়া মুৰুলীধৰণ (শ্ৰীলংকা) – ৬৭ বাৰ
২) শ্বেন ৱাৰ্ণ (অষ্ট্ৰেলিয়া) – ৩৭ বাৰ
৩) ছাৰ ৰিচাৰ্ড হেডলী (নিউজিলেণ্ড) – ৩৬ বাৰ
৪) ৰবিচন্দ্ৰন অশ্বিন (ভাৰত) – ৩৬ বাৰ
৫) অনিল কুম্বলে (ভাৰত) – ৩৫ বাৰ