বিজেপি নেতৃত্বাধীন NDA চৰকাৰে লোকসভা নিৰ্বাচন ২০২৪ত জয়লাভ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ জুনত পুনৰ তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত, এইবাৰ এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। এতিয়া NDA চৰকাৰে ইয়াৰ তৃতীয় কাৰ্যকালত এই সন্দৰ্ভত এটা শক্তিশালী পৰিকল্পনা কৰিছে।
লোকসভা নিৰ্বাচন ২০২৪ ত জয়ী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে দেশৰ দায়িত্ব গ্ৰহণ কৰিছে। এতিয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ইয়াৰ নতুন পৰিকল্পনা আনিছে।
মঙলবাৰে অৰ্থাৎ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰে। ইয়াৰ এদিন পূৰ্বে, এই কথা পোহৰলৈ আহিছে যে, NDA চৰকাৰে এই কাৰ্যকালত ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ সন্দৰ্ভত এখন বিধেয়ক আনিব পাৰে। বিজেপিয়েও নিজৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতিৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ ভাষণত ‘এক ৰাষ্ট্ৰ-এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰে। তেওঁ NDA ৰ সৈতে জড়িত সকলো ৰাজনৈতিক দলক এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ বাবে একত্ৰিত হ’বলৈ অনুৰোধ জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, এই পদ্ধতিৰ দ্বাৰা লজিষ্টিক ব্যয় হ্ৰাস কৰা পাব। এই সন্দৰ্ভত তেওঁলোকে এখন আয়োগ গঠন কৰিছে আৰু ইয়াৰ প্ৰতিবেদন প্ৰাপ্ত কৰিছে। বৰ্তমান এই প্ৰতিবেদনখন বিশ্লেষণ কৰি থকা হৈছে। তেওঁলোকৰ এই প্ৰতিশ্ৰুতি কেৱল ৰাজনৈতিক নহয়। যি হৈছে দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে নিৰ্বাচনী সংস্কাৰৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত একেলগে নিৰ্বাচনৰ প্ৰস্তাৱ দিছে।
সমিতিৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে, যাতে ‘একত্ৰিত নিৰ্বাচনচক্ৰ’ৰ বাবে এক শক্তিশালী পথ প্ৰস্তুত কৰিব পৰা যায়। অৱশ্যে, এই সমিতিৰ প্ৰতিবেদনে নিৰ্বাচনৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাছিল। সাধাৰণতে প্ৰতি পাঁচ বছৰত বিধানসভা আৰু লোকসভা নিৰ্বাচন পৃথকে অনুষ্ঠিত হয়। অৱশ্যে কেতিয়াবা চৰকাৰ ভংগ হোৱাৰ বাবে পাঁচ বছৰতকৈও আগতে নিৰ্বাচন অনুষ্ঠিত হয়।