দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে চলোৱা এক আভিযান জব্দ হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ। নিচাজাতীয় সামগ্ৰীখিনিৰ সৈতে তিনিজন যুৱকক আটক কৰিছে আৰক্ষীয়ে।
নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে কুকুৰমাৰাৰ জীয়াকুৰ ৰিজাৰ্ভত অভিযান বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপখিনি জব্দ কৰে।
নিষিদ্ধ নিচাজাতীয় সামগ্ৰিখিনিৰ লগতে আটক হোৱা সৰবৰাহকাৰী কেইজনক আৰ্জু আলী, পিয়াৰুল আলী আৰু চফিৰ আলী বুলি চিনাক্ত কৰা হৈছে।
ইয়াৰ উপৰি আৰক্ষীয়ে AS 01 BX 2231 নম্বৰৰ পালচাৰ আৰু AS 01 FW 5575 নম্বৰৰ স্কুটি এখনো জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা ছয়গাঁৱৰ গুমীলৈ আনিছিল নিষিদ্ধ কফ চিৰাপখিনি। ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই গোপন অভিযান।