এইবাৰ দেশৰ বিভিন্ন প্ৰান্তত হোৱা অতিবৃষ্টিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক। বিগত কেইবাদিন ধৰি কেইবাখনো ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন।
উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বৰষুণে কালৰূপ ধাৰণ কৰাৰ বিপৰীতে বিগত কিছুদিনৰ পৰা অসহ্যকৰ গৰমৰ বাবে অতিষ্ঠ হৈ পৰিছে অসমৰ জনসাধাৰণ। গৰমৰ বাবে ঘৰৰ ভিতৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে।
কোনো কোনো প্ৰান্তত বৰষুণ আৰু অসমত গৰমে কালৰূপ ধাৰণ কৰাৰ মাজতে ধুমুহা, ঘূৰ্ণী বতাহ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে।
আগন্তুক এসপ্তাহত ক’ত বৰষুণৰ সম্ভাৱনা আছে জানো আহক?
২১ ছেপ্টেম্বৰত উত্তৰ আন্দামান সাগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ ওপৰত ধুমুহা, ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে আৰু তাৰ পিছত উত্তৰ-পশ্চিম দিশলৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে ২৩ ছেপ্টেম্বৰৰ পৰা বংগ উপসাগৰৰ উত্তৰ-পশ্চিম আৰু মধ্য পশ্চিম অংশত নিম্ন চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত উত্তৰ-পূব ৰাজস্থানতো ঘূৰ্ণীবতাহ, ধুমুহাৰ প্ৰভাৱ দেখা পোৱা যাব পাৰে।
২৩ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ বিহাৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অসম, জম্মু-কাশ্মীৰ, ওড়িশা, ছত্তীশগড়, ঝাৰখণ্ড, মেঘালয়, নাগালেণ্ড, অৰুণাচল আদি ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।