২০২৫ বৰ্ষত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিব পাকিস্তানে। কিন্তু আই চি চিৰ এই সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰিব নে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই?
ইয়াৰ মাজতে এই সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট। প্ৰতিবেদন অনুসৰি, পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ প্ৰস্তুতিৰ বুজ লৈ উভতি আহিছে আই চি চিৰ এটা দল।
এই সময়ছোৱাত পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও প্ৰতিযোগিতাখনৰ আয়োজন আৰু নিৰাপত্তা সন্দৰ্ভত কৰা ব্যৱস্থাৰ বিষয়ে বিস্তৃত ৰূপত আই চি চিক অৱগত কৰিছে।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও কৈছে যে তদন্ত কৰিবলৈ অহা ৬ জনীয়া আই চি চিৰ দলটো আয়োজনক লৈ সন্তুষ্ট। ইয়াৰ পিছতে এতিয়া ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তান ভ্ৰমণ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।
আনহাতে আই চি চিয়ে প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আই চি চিক শীঘ্ৰেই সূচী প্ৰকাশ কৰিব লাগে বুলি আবেদন জনাইছে।
ইফালে আগন্তুক ডিচেম্বৰ মাহত আই চি চিৰ আৰু এটা দল প্ৰস্তুতিৰ বুজ ল’বলৈ পাকিস্তান ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে।