‘প্ৰিন্স অৱ ক্ৰিকেট’ নামেৰে ইতিমধ্যে পৰিচয় লাভ কৰা শুভমন গিলে চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ দ্বিতীয় ইনিংছত দৰ্শনীয় শতকীয় ইনিংছ খেলি পুনৰবাৰ অনুৰাগীৰ মন জিনিবলৈ সক্ষম হৈছে।
টেষ্ট ক্ৰিকেটত গীলৰ এইটো আছিল পঞ্চমটো শতক। ভাৰতৰ দ্বিতীয় ইনিংছত গিলে ঋষভ পন্তৰ সৈতে মিলি চতুৰ্থ উইকেটৰ যুটিত ১৬৭ ৰান সংগ্ৰহ কৰে।
প্ৰথম ইনিংছত শূন্যতে পেভেলিয়নলৈ উভতা গিলে দ্বিতীয় ইনিংছত ১৬১টা বলত শতক অৰ্জন কৰে। এই শতকীয় ইনিংছটোৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ৰো অধিক ছয় কোবোৱা ক্ৰিকেটাৰত পৰিণত হ’ল।
টেষ্ট ক্ৰিকেটত এই পৰ্যন্ত ২৬টা ছয়, এদিনীয়াত ৫২টা আৰু টি-২০ ক্ৰিকেটত ২৩টা ছয় ছয় গিলৰ নামত আছে। ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ টা ছয় কোবোৱা ১৭ সংখ্যক ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে।
ইয়াৰ উপৰি ২০২৩ চনৰ পিছত সৰ্বাধিক ৰান আৰু শতক অৰ্জন কৰা বেটছমেনো হৈছে শুভমন গিল।
আন এক কৃতিত্ব
ইয়াৰ উপৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে শুভমন গিল। গিলে এই পৰ্যন্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৫টা শতক অৰ্জন কৰিছে। একে সময়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ৰোহিত শৰ্মাৰ নামত। এই পৰ্যন্ত ৰোহিতে ৯টা শতক অৰ্জন কৰিছে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জনকাৰী
৯ – ৰোহিত
৫ – গিল
৪ – মায়ংক
৪ – ঋষভ
৪ – কোহলী
৩ – জয়ছোৱাল
৩ – ৰাহুল
৩ – ৰবীন্দ্ৰ জাদেজা
৩ – ৰাহানে
২ – আৰ অশ্বিন
২০২৩ চনৰ পিছত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা বেটছমেন
২০২৩ চনৰ পৰা গিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। ২০২৩ চনৰ পৰা মুঠ ৭৬টা ইনিংছ খেলিছে আৰু ৩০০০ৰো অধিক ৰান সংগ্ৰহ কৰাত সফল হৈছে। এই সময়ছোৱাত ৩০০০ হাজাৰ ৰান সম্পূৰ্ণ কৰা আৰু সৰ্বাধিক শতকৰ ক্ষেত্ৰতো তেওঁ আন ক্ৰিকেটাৰতকৈ বহু আগত আছে।
উল্লেখ্য যে চেন্নাইত চলি থকা মেচখনত ভাৰতে দ্বিতীয় ইনিংছত ২৮৭ ৰান সংগ্ৰহ কৰাৰ পিছতে ইনিংছ ঘোষণা কৰিছিল। দ্বিতীয় ইনিংছত শুভমন গিলে অপৰাজিত ১১৯ ৰান আৰু ঋষভ পন্তে ১০৯ ৰানৰ ইনিংছ খেলে।
শক্তিশালী স্থিতিত উপনীত হোৱা ভাৰতে বাংলাদেশক জয়ৰ বাবে বান্ধি দিছে ৫১৫ ৰানৰ লক্ষ্য।