“পানীয়ং প্ৰাণীনাং প্ৰাণা, বিশ্বমেৱ চ তন্ময়ম্।
ন হি তোয়াদ্ধিনা বৃত্তি:, স্বস্থস্য ব্যাধিতস্য ৱা।।”
পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। আমাৰ পৃথিৱীখন পানীৰে পৰিপূৰ্ণ। ৰোগী আৰু নিৰোগী সকলোকে পানীৰ প্ৰয়োজন, পানী অবিহনে কোনোৱেই জীয়াই থাকিব নোৱাৰে।
পানী হ’ল আচলতে অক্সিজেন আৰু হাইড্ৰ’জেনৰ মিলনৰ ফলত সৃষ্টি হোৱা এবিধ তৰল, যাক H20 ৰাসায়নিক নামেৰে নামাকৰণ কৰা হৈছে।
এগৰাকী ব্যক্তিয়ে বহু সময় ধৰি খাদ্য নোখোৱাকৈ থাকিব পাৰিলেও পানী অবিহনে দীঘলীয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়। উল্লেখ্য যে, মানৱ শৰীৰৰ প্ৰায় ৭৫% পানীৰে গঠিত। শৰীৰৰ সকলো অংগ-প্ৰত্যংগ, ইয়াৰ কাৰ্যকলাপ আৰু প্ৰতিটো কোষ জীয়াই থাকিবলৈ পানীৰ নিতান্তই প্ৰয়োজন।
পানীৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-
- পানীয়ে আমাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে,যিয়ে শৰীৰৰ সুস্থ কাৰ্য্যক্ষমতা বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়।
- পানীয়ে আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
- পানীয়ে প্ৰস্ৰাৱ, ঘামচি, মলত্যাগ আদিৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ দ্বাৰা বৃক্কৰ পাথৰ, কোষ্ঠকাঠিন্য, আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি।
- খাদ্য খোৱাৰ আগতে আৰু পিছত পানী সেৱন কৰিলে, পানীয়ে খাদ্য হজম হোৱাত সহায় কৰে, যিয়ে কোষ্ঠকাঠিন্য ৰোধ কৰি হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।
- পানীয়ে ছালৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, যাৰ ফলত ছাল হাইড্ৰেটেড হৈ থাকে, যাৰ দ্বাৰা শুকানতা আৰু বলিৰেখা ৰোধ কৰিব পাৰি।
- ব্যায়ামৰ সময়ত হাইড্ৰেটেড হৈ থাকিলে ক্লান্তি হ্ৰাস হয় আৰু যিয়ে সহনশীলতা বৃদ্ধি কৰি স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
- পানীয়ে পূৰ্ণতাৰ অনুভৱ বৃদ্ধি কৰে আৰু কেলৰি গ্ৰহণ হ্ৰাস কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।
উল্লেখযোগ্য যে, পানী খোৱাৰ নিয়ম নজনাৰ বাবেই শৰীৰত গাঁঠিৰ বিষ, কোষ্ঠ কাঠিন্য, চুলি সৰা, ছাল শুকাই যোৱা, শৰীৰৰ ওজন বৃদ্ধি হোৱা, শৰীৰ দূৰ্বল অনুভৱ কৰা, মুখত কলা দাগ, কিডনী সমন্ধীয় বেমাৰ, গেছ আদি বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে।