৯৭ সংখ্যক একাডেমী পুৰস্কাৰ অৰ্থাত অস্কাৰ ২০২৫ৰ বাবে ভাৰতীয় ছবিক প্ৰতিনিধিত্ব কৰি অফিচিয়েল এণ্ট্ৰী লাভ কৰিছে লাপাতা লেডীজে। ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেচনে এই কথা ঘোষণা কৰিছে।
কিৰন ৰাওৰ দ্বাৰা পৰিচালিত লাপাতা লেডীজে শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰিব, অন্যান্য উকৃষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সৈতে সন্মানীয় সন্মানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।
উল্লেখ্য যে, ২০২৩ চনত আমিৰ খানৰ প্ৰযোজনা আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ‘লাপাতা লেডীজ’ ছবিখন ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে। ছবিখনত অভিনয় কৰিছিল এজাক ন-শিল্পীয়ে। তুন মুখ। ইয়াৰ ভিতৰত উল্লেখনীয় কাম কৰিছিল স্পৰ্ষ শ্ৰীবাস্তৱ, নীতাংশী গোৱেল আৰু প্ৰতিভা ৰত্নই।
ইয়াৰ উপৰি ভোজপুৰী অভিনেতা ৰবি কিষাণ, চায়া কদমে ছবিখনত বিশেষ চৰিত্ৰত অভিনয় কৰিছিল।
ছবিখন ৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল যদিও ছবিখনে প্ৰায় ২৫ কোটি টকা উপাৰ্জন কৰিছিল। প্ৰথমে ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছিল ছবিখন। সেই সময়ত দৰ্শকে শলাগ লৈছিল।
পিছত ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰে। তাৰ পিছত ‘লাপাটা লেডিজে’ অধিক জনপ্ৰিয়তা লাভ কৰিলে। দুগৰাকী মহিলাক কেন্দ্ৰ কৰি নিৰ্মিত এই সাধাৰণ কাহিনীটো দৰ্শকৰ বাবে অসাধাৰণ হৈ পৰে।