“কেচটো নগেন” বুলি কোৱাৰ লগে লগে সেই ২০০০ চনত মুক্তিপ্ৰাপ্ত হিন্দী চিনেমা “হেৰা ফেৰি”ত থকা “গোলমাল হ্যে ভাই, গোলমাল হ্যে”- সংলাপটো সকলোৰে মনলৈ আহে। যিকোনো কথা বা ঘটনাত কিবা গোলমাল দেখিলেই আমি অসমীয়া লোকসকলে ঘটনাটো বুজাবলৈ ব্যৱহাৰ কৰো “কেচটো নগেন”।
কিন্তু এইবাৰ স্ক্ৰীণত কেচটো কেনেদৰে নগেন হ’ব সেয়া আমি দেখিবলৈ পাম। আগন্তুক ২০২৫ বৰ্ষৰ ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি লাভৰ বাবে সাজু হৈছে এখন নতুন চিনেমা “কেচটো নগেন”।
সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি এই চিনেমাখনত ৰখা হৈছে এটা বাস্তৱধৰ্মী কাহিনী। ইনভেষ্টমেণ্ট (Investment) – এই শব্দটো শুনাৰ লগে লগে বৰ্তমান ভয় খায় সকলোৱে। কোটি-কোটি টকীয়া কেলেংকাৰীৰ বাতৰিয়ে চানি ধৰিছে সংবাদ মাধ্যম। কিন্তু ইয়াত ভয় খাবলগীয়া নাই, এইখন এখন চিনেমাহে। চিনেমাখনৰ নামটো “কেচটো নগেন”।
দেওবাৰে গুৱাহাটীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নতুনকৈ আহিবলগীয়া অসমীয়া ছবি “কেচটো নগেন”ৰ এখন পোষ্টাৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে।
RKZ films ৰ বেনাৰত ধনজিৎ দাসে পৰিচালনা কৰা ছবিখনত আপোনালোকে বহুকেইখন জনপ্ৰিয় আৰু চিনাকী মুখ দেখিবলৈ পাব। হিমাংশু প্ৰসাদ দাসৰ লগতে তেওঁৰ পত্নী তথা অভিনেত্ৰী প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিটু বৰ্মন, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়াই এই ছবিখনত অভিনয় কৰিছে।