ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক পদ এৰিলেও তেওঁৰ কিন্তু অনুৰাগীৰ সংখ্যা হ্ৰাস পোৱা নাই। বিভিন্ন সময়ত লোৱা ভিন্ন সিদ্ধান্তৰ বাবে তেওঁ জয় কৰি আহিছে অনুৰাগীৰ হৃদয়।
ইয়াৰ মাজতে এনে এটা খবৰ আহিছে, যাৰ বাবে মাহী আকৌ এবাৰ চৰ্চালৈ আহিছে। অনুৰাগীসকলে তেওঁৰ এই সিদ্ধান্তত অত্যন্ত সুখী।
চেন্নাই ছুপাৰ কিংছৰ ফ্ৰেঞ্চাইজি ধোনিৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছে। এই কথা তেওঁ বহুবাৰ ৰাজহুৱা কৰিছে। এই কথা পুনৰ প্ৰমাণ কৰিছে শেহতীয়াকৈ ধোনীয়ে লোৱা এটা ডাঙৰ সিদ্ধান্তই। প্ৰতিবেদন অনুসৰি, আই পি এল ২০২৫ৰ বাবে চেন্নাই ছুপাৰ কিংছৰ পৰা ধোনীয়ে ল’ব মাত্ৰ ৬ কোটি টকা।
প্ৰতিবেদনত কোৱা হৈছে যে চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৫ৰ বাবে ৰবীন্দ্ৰ জাদেজা, ৰুতুৰাজ গাইকৱাদ, শিৱম ডুবে আৰু মথিছা পাথিৰানাক ৰিটেইন কৰিব। অৱশ্যে, এয়া তেতিয়াহে হ’ব যেতিয়া ধোনীক আনকেপড খেলুৱৈ হিচাপে ৰিটেইন কৰা হ’ব৷ যদি ধোনীক আনকেপড খেলুৱৈ হিচাপে ৰখাৰ অনুমতি দিয়া নহয়, তেন্তে চেন্নাইয়ে নিজৰ পৰিকল্পনা সলনি কৰিব পাৰে।
ৰিটেইনড আৰু ৰিলিজ কৰা খেলুৱৈৰ তালিকা কেতিয়া মুকলি কৰা হ’ব?
আই পি এলৰ ১০টা দলে ১৫ নৱেম্বৰৰ পূৰ্বে নিজৰ ৰিটেইনড আৰু ৰিলিজড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিব লাগিব। নিয়ম অনুসৰি মেগা অকচনৰ পূৰ্বে সকলো দলে মাত্ৰ চাৰিজন খেলুৱৈকহে ধৰি ৰাখিব পাৰিব। বাকী সকলো খেলুৱৈক মুকলি কৰি দিব লাগিব। অৱশ্যে এইবাৰ এই নিয়মৰ পৰিৱৰ্তন হ’ব পাৰে।
কোৱা হৈছে যে এতিয়া সকলো দলে চাৰিজন খেলুৱৈৰ পৰিৱৰ্তে পাঁচজন খেলুৱৈক ৰিটেইন কৰাৰ নিয়ম কৰিব পাৰে। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।