কানপুৰৰ গ্ৰীণ পাৰ্কত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় তথা অন্তিমখন টেষ্টত যদি মিডল অৰ্ডাৰ বেটছমেন সৰফৰাজ খানে মূল একাদশত স্থান লাভ নকৰে, তেন্তে তেওঁক দলৰ পৰা মুকলি দিয়াৰ সম্ভাৱনা আছে।
কেৱল সৰফৰাজ খানেই নহয়, দ্বিতীয়খন টেষ্ট মেচৰ মূল একাদশত স্থান লাভ নকৰিলে উইকেটকীপাৰ ধ্ৰুৱ জুৰেল আৰু বেগী বলাৰ যশ দয়ালকো ইৰাণী কাপৰ বাবে দলৰ পৰা মুকলি কৰি দিয়া হ’ব।
১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ লক্ষ্ণৌত ৰঞ্জী চেম্পিয়ন মুম্বাইৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ইৰাণী কাপৰ বাবে মঙলবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰুতুৰাজ গাইকৱাদৰ নেতৃত্বত ৰেষ্ট অৱ ইণ্ডিয়া দল ঘোষণা কৰে।
বিচিচিআইৰ এক বিবৃতি অনুসৰি, ‘ধ্ৰুৱ জুৰেল আৰু যশ দয়ালক ৰেষ্ট অৱ ইণ্ডিয়া দলত নিৰ্বাচিত কৰা হৈছে যদিও ইৰাণী কাপত তেওঁলোকৰ অংশগ্ৰহণ কানপুৰত বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰশীল’।
ভাৰতীয় দলৰ সূত্ৰ অনুসৰি এই মেচত যদি ঋষভ পন্ত আঘাতপ্ৰাপ্ত হয়, তেন্তে তেওঁৰ ঠাইত লোকেশ ৰাহুলে উইকেটকীপাৰৰ ভূমিকা পালন কৰিব। এনে পৰিস্থিতিত জুৰেলক মুকলি কৰি দিয়াৰ সম্ভাৱনাই অধিক।
যদিহে সৰফৰাজে মূল একাদশত স্থান নাপায় তেন্তে ইৰাণী কাপৰ বাবেও তেওঁক জাতীয় দলৰ পৰা মুকলি কৰি দিয়া হ’ব পাৰে। তেওঁ অজিংক্য ৰাহানেৰ নেতৃত্বত মুম্বাই দলৰ অংশ হ’ব।
বিচিচিআইয়ে কয়, ‘সৰফৰাজ খানক দ্বিতীয়খন টেষ্টৰ বাবে ভাৰতীয় দলত ৰখা হৈছে। যদি তেওঁ কানপুৰত বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ বাবে মূল একাদশৰ অংশ নহয় তেন্তে তেওঁক মুম্বাই দলক প্ৰতিনিধিত্ব কৰিবলৈ মুকলি কৰি দিয়া হ’ব’।
ইৰাণী কাপৰ বাবে দল দুটা এনেধৰণৰ
ৰেষ্ট অৱ ইণ্ডিয়া : ৰুতুৰাজ গাইকৱাদ (অধিনায়ক), অভিমন্যু ইশ্বৰন (উপ অধিনায়ক), সাই সুদৰ্শন, দেৱদত্ত পড়িক্কাল, ধ্ৰুৱ জুৰেল, ঈশান কিষাণ, মানৱ সুথাৰ, সৰংশ জৈন, প্ৰসিদ্ধ কৃষ্ণা, মুকেশ কুমাৰ, যশ দয়াল, ৰিকি ভুই, শ্বাশ্বত ৰাৱট, খলিল আহমেদ, ৰাহুল চহৰ।
মুম্বাই : অজিংক্য ৰাহানে (অধিনায়ক), পৃথ্বী শ্ব’, আয়ুষ ম্হাত্ৰে, মুছিৰ খান, সৰফৰাজ খান, শ্ৰেয়াছ আয়াৰ, সিদ্ধেশ লাড, সূৰ্য্যংশ শ্বেডজ, হাৰ্দিক তামোৰ, সিদ্ধান্ত অদ্ধতৰাও, শাম্ছ মুলানী, তনুষ কোটিয়ান, হিমাংশু সিং, চাৰ্দুল ঠাকুৰ, মোহিত অৱস্থি, মহম্মদ জুনেইদ খান, ৰয়ষ্টন ডায়ছ।