কুৱেইট ট্ৰেজেডি! কুৱেইটৰ ভয়ংকৰ অগ্নিকাণ্ডৰ এক মৰ্মস্পৰ্শী ঘটনাই কন্দুৱাইছে দেশবাসীক। কুৱেইটৰ ভয়ানক অগ্নিকাণ্ডত প্ৰাণ গৈছে বহু ভাৰতীয় লোকৰ। তাৰ মাজৰে এটা ঘটনাই কন্দুৱাই গৈছে দেশ। হৃদয়বিদাৰক এই খবৰ আহিছে কুৱেইটৰ পৰা। নাম তেওঁৰ অংগদ গুপ্তা।
৯ বছৰ পূৰ্বে কামৰ সন্ধানত গৈছিল কুৱেইটলৈ। কুৱেইটৰ এটা ব্যক্তিগত কোম্পানীৰ কেছিয়াৰৰ পদত নিযুক্তি পাইছিল অংগদ গুপ্তাই। বৃহস্পতিবাৰে কুৱেইটৰ মংগাফ চহৰত হোৱা ভয়ানক অগ্নিকাণ্ডত প্ৰাণ গৈছে অংগদ গুপ্তাৰ।
কুৱেইট দূতাবাসৰ পৰা এই দুখজনক খবৰ লাভ কৰি শোকত ভাগি পৰিছে পৰিয়ালটো। উত্তৰ প্ৰদেশৰ গোৰখনাথ থানা এলেকাৰ বাসিন্দা অংগদ গুপ্তাৰ শেষৰটো ফোনকলৰ কাহিনীয়ে এতিয়া কন্দুৱাই গৈছে সকলোকে।
অগ্নিকাণ্ডৰ দুদিন পূৰ্বে ঘৰলৈ ফোন কৰি সন্তানক ভালকৈ পঢ়িবলৈ উপদেশ দিছিল পিতৃয়ে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল অংগদ গুপ্তা। কুৱেইটৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৪৫জন ভাৰতীয় লোকে প্ৰাণ হেৰুৱাইছে।
মৃতকৰ অধিকাংশই কেৰালাৰ বাসিন্দাৰ। ইতিমধ্যে ৪৫জন লোকৰেই শৱদেহ কুৱেইটৰ পৰা লৈ আনিছে ভাৰতীয় বায়ুসেনাই। কোচি বিমান বন্দৰত বিমানখন অৱতৰণৰ পিছতেই উঠে আত্মীয়ৰ কান্দোনৰ ৰোল।