শনিবাৰে পুৱা অসম আৰক্ষীয়ে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশ কৰিব খোজা ৮টি শিশুসহ মুঠ ১৭ জন বাংলাদেশী নাগৰিকক ওভতাই পঠিয়াবলৈ সক্ষম হয়।
অসম আৰক্ষীয়ে সীমান্তৰ পৰা ওভতাই পঠোৱা বাংলাদেশী প্ৰাপ্তবয়স্ক লোককেইজন হ’ল হাৰুল লামিন, উমাই খুনছুম, মহম্মদ ইছমাইল, সংসিদা বেগম, ৰুফিয়া বেগম, ফাতিমা খাতুন, মজুৰ ৰহমান, হাবি উল্লাহ, ছবিকা বেগম।
টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত বৃহৎ পৰিসৰৰ অনুপ্ৰৱেশৰ আশংকা প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কৈছিল যে বাংলাদেশী নাগৰিকে বস্ত্ৰ উদ্যোগত কাম কৰিবলৈ দক্ষিণৰ চহৰ সমূহলৈ যাবলৈ অসমক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে।
বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছতে উত্তৰ-পূবৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৈছিল যে ৰাজ্যৰ আৰক্ষী বাহিনীয়েও আন্তঃৰাষ্ট্ৰীয় সীমান্তত ‘হাই এলাৰ্ট’ বজাই ৰাখিছে যাতে কোনো ব্যক্তিয়ে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে।