থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন স্কুল বাছত হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাত শিক্ষাৰ্থীসহ কমেও ২৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
এই ঘটনাত কেইবাগৰাকীও শিক্ষাৰ্থীৰ লগতে আন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। আঘাতপ্ৰাপ্ত লোকসকলক সমীপৰে এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ৪৪ গৰাকী যাত্ৰী কঢ়িওৱা বাছখনত কেনেকৈ জুইৰ সূত্ৰপাত ঘটে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
বেংকক পোষ্টৰ তথ্য অনুসৰি উথাই থানীৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ আহিছিল বাছখনত। এই সময়তে বাছখনত জুই লাগিছিল। উদ্ধাৰ কৰ্মীয়ে জনোৱা মতে, অগ্নিকাণ্ডত কেইবাজনো যুৱ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়।