মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এক আচৰিত কাণ্ড পোহৰলৈ আহিছে। য’ত এজন যুৱকে নিজৰ ভাবী পত্নীক লগ কৰিবলৈ যায়। নিজৰ পৰিচয় লুকুৱাবলৈ যুৱকজনে এনে এক পদ্ধতি অৱলম্বন কৰে, যাৰ বাবে আৰক্ষীৰ ৰঙা ঘৰৰ আলহী হ’বলৈ বাধ্য হয়। নিজৰ পৰিচয় সলনি কৰি ভুৱা পৰিচয় দিয়াৰ অভিযোগত চিমনগঞ্জ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে ৩১৯ ধাৰাত গোচৰ ৰুজু হয়।
আৰক্ষীয়ে জনোৱা মতে, তাজপুৰৰ বাসিন্দা ৱাহিদ খানৰ কিছু মাহ পূৰ্বে আহমেদনগৰত বাস কৰা এগৰাকী ছোৱালীৰ সৈতে বাগদান অনুষ্ঠান হৈছিল। এংগেজমেণ্টৰ পিছৰে পৰা ৱাহিদ আৰু তেওঁৰ ভাবী পত্নীয়ে লগ কৰিব পৰা নাছিল। এই কাৰণেই ৱাহিদক ভাবী পত্নীয়ে লগ কৰিবলৈ ফোন কৰাৰ লগে লগে তেওঁ উজ্জয়নী পায়গৈ। আহমেদনগৰৰ ছোৱালী ঘৰলৈ যাবলৈ তেওঁ নিজৰ পৰিচয় লুকুৱাবলৈ চেষ্টা কৰিছিল। মাত্ৰ এটা ভুলৰ বাবেই ৱাহিদৰ জীৱনলৈ আহে বিপদ।
ভাবী পত্নীক লগ কৰিবলৈ ৱাহিদে বোৰ্খা পিন্ধি আহমেদনগৰৰ দিশে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু ৰাস্তাত তেওঁৰ গতি-বিধি দেখি কিছুমান মানুহে তেওঁক ৰখাই দিয়ে। ৰাস্তাত তেওঁ অতি বেগেৰে গতি কৰি আছিল, যাৰ বাবে স্থানীয় ৰাইজৰ তেওঁৰ ওপৰত যথেষ্ট সন্দেহ কৰি হয়। ৰাস্তাত ৰখাই ৱাহিদক জেৰা কৰাত তেওঁ সেই ঠাইৰ তাৰ পৰা পলাবলৈ চেষ্টা কৰি দৌৰিবলৈ ধৰে। যাৰ বাবে তেওঁৰ ওপৰত মানুহৰ সন্দেহ আৰু বৃদ্ধি হয়। স্থানীয় ৰাইজ দৌৰি গৈ গৈ তেওঁক ধৰে আৰু বোৰ্খা আঁতৰাই ৱাহিদক দেখি থতমত খায়। স্থানীয় ৰাইজে প্ৰথমে তেওঁক প্ৰৱঞ্চক বুলি গণ্য কৰি প্ৰহাৰ কৰাৰ পিছত চিমনগঞ্জ থানাত গতাই দিয়ে।
প্ৰাৰম্ভিক পৰ্যায়ত আৰক্ষীয়েও বুজিব পৰা নাছিল যে ইয়াৰ কাৰণ কি হ’ব পাৰে। কিয় বোৰ্খা পিন্ধি ৰাস্তাত খোজ কাঢ়ি গৈ আছিল এইজন যুৱকে? এই বিষয়ত যেতিয়া আৰক্ষীয়ে ৱাহিদক জেৰা কৰে তেতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহে। য’ত প্ৰকাশ পাই যে, তেওঁ নিজৰ ভাবী পত্নীৰ আহ্বানত উজ্জয়ীনিলৈ আহে। তেওঁ বোৰ্খা পিন্ধি তালৈকে আহে, যাতে তেওঁৰ শহুৰৰ ঘৰৰ লোকে তেওঁক চিনি নাপায়। পিছে বোৰ্খা পিন্ধি অহা ৱাহিদে শহুৰেকৰ ঘৰ পোৱাৰ আগতেই থানালৈ যাবলৈ বাধ্য হয়।