মণিপুৰৰ উখৰুল জিলাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুখন গাঁৱৰ বাসিন্দাৰ মাজত হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণত কমেও তিনিজন লোক নিহত হোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছতে অঞ্চলটোত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে। এই সংঘৰ্ষত কেইবাজনো লোক আহত হোৱা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।
স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ অংশ হিচাপে গাঁও দুখনৰ বাসিন্দাসকলে এডোখৰ মাটি পৰিষ্কাৰ কৰি থকাৰ সময়তে দুয়ো পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পিছত গুলীয়াগুলীও হয়।
দুয়োখন গাঁও নগা জনজাতিৰ আৰু দুয়োখন গাঁৱৰ বাসিন্দাই সেই বিবাদিত ভূমিৰ ওপৰত দাবী উত্থাপন কৰি আহিছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম ৰাইফলছৰ লগতে ৰাজ্য আৰক্ষীকো মোতায়েন কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।