হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ কৰ্ণাল জিলাৰ নীলোখেড়ী সমষ্টিয়ে দৃষ্টি কাঢ়িছে সকলোৰে। এই সমষ্টিটোত আম আদমি পাৰ্টীয়ে প্ৰক্ষেপ কৰা অমৰ সিঙে হঠাতে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে। কংগ্ৰেছ নেতা প্ৰতাপ সিং বাজৱাৰ উপস্থিতিত দলত যোগদান কৰে অমৰ সিঙে।
কংগ্ৰেছ দলত যোগদান কৰি অমৰ সিঙে সমষ্টিটোত কংগ্ৰেছ দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।
আপৰ নেতাগৰাকীয়ে কংগ্ৰেছ দলত যোগদান কৰা সন্দৰ্ভত প্ৰতাপ সিং বাজৱাই কয়, ‘শিখ সম্প্ৰদায়ৰ অধিকাংশ লোকে তেওঁক (অমৰ সিঙক) আৱেদন জনাইছিল যে তেওঁলোকে তেওঁক ভোট দিব বিচাৰে, কিন্তু এতিয়া তেওঁলোকে বিজেপিক কৃষক বিৰোধী, দলিত বিৰোধী, পিছপৰা শ্ৰেণী বিৰোধী আৰু জোৱান বিৰোধী হোৱাৰ বাবে এশিকনি দিব বিচাৰো। নিৰ্বাচনৰ কিছু দিন পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান আৰু আপৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’।
তেওঁ আৰু কয়, ‘আজি কৰ্ণালৰ পৰা একাংশ লোকে মোক ফোন কৰি কয় যে অমৰ সিং আৰু তেওঁৰ সকলো সহযোগীয়ে কংগ্ৰেছ প্ৰাৰ্থীজনক বিনাচৰ্তে সমৰ্থন কৰিব বিচাৰে আৰু অমৰ সিঙেও আম আদমী পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰে’।