ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ আজি প্ৰিমিয়াৰ শ্ব’। ২০১৭ চনত মুক্তি লাভ কৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত নিৰ্মাণ হৈছে ‘ভিলেজ ৰকষ্টাৰ্ছ ২’। আজি ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।
অসমৰ গাঁৱলীয়া পৰিৱেশক লৈ নিৰ্মিত এই ছবিখনে বিশ্বৰ অন্য এক প্ৰান্তৰ মানুহৰো হৃদয় জিনিবলৈ সক্ষম হৈছিল। এইবাৰ ধুনু নামৰ কোমল অন্তৰৰ ছোৱালীজনীৰ চৰিত্ৰ এটিৰ আধাৰত নিৰ্মিত এই ছবিখনত কেনেধৰণৰ বিষয় উপস্থাপন কৰিছে তাক লৈ চলচ্চিত্ৰ প্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে।
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কিম জিচেক শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ‘ভিলেজ ৰকষ্টাৰ্ছ ২’য়ে। ৮খন চিনেমাৰ মাজত নিৰ্বাচিত হোৱা ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ হৈছে একমাত্ৰ ভাৰতীয় চিনেমা।
উল্লেখ্য যে, ২০১৭ৰ টৰণ্ট’ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰৰ পাছত ৰীমা দাসৰ বঁটা প্ৰাপ্ত চিনেমা ভিলেজ ৰকষ্টাৰ্ছয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হয়।