প্ৰখ্যাত ব্যৱসায়ী তথা টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰা হৈছে। জানিব পৰা অনুসৰি, হঠাত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক সংকটজনক অৱস্থাত হাস্পতালখনৰ আই চি ইউত ভৰ্তি কৰা হৈছে।
টাটা পৰিয়ালৰ সৈতে জড়িত সূত্ৰৰ উদ্ধৃতি দি নিউজ এজেন্সি ৰয়টাৰে নিজৰ এটা প্ৰতিবেদনত কয় যে তেওঁৰ অৱস্থা সংকটজনক। অৱশ্যে ৮৬ বছৰীয়া ৰতন টাটাই সোমবাৰে ছ’চিয়েল মিডিয়াত জনাইছিল যে বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁৰ নিয়মীয়াকৈ চিকিৎসা পৰীক্ষা চলি আছে।
কিন্তু ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত টাটা গ্ৰুপৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।
তথ্য অনুসৰি টাটা পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্যই জনাইছে যে ৰতন টাটাক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কিন্তু তেওঁৰ অসুস্থতাৰ বিষয়ে আৰু কোনো তথ্য সবিশেষ জানিব পৰা নাই।
অৱশ্যে ইয়াৰ পূৰ্বে সোমবাৰে ৰতন টাটাই ছ’চিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁৰ মানসিক অৱস্থা ভাল আৰু চিন্তাৰ কোনো কাৰণ নাই।