ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) মধ্য প্ৰাচ্যত এবছৰতকৈও অধিক সময়ৰ যুদ্ধৰ মাজতে কয় যে হিজবুল্লাহৰ দ্বাৰা উৎক্ষেপণ কৰা এখন মানৱবিহীন বিমানে(ইউএভি)মধ্য প্ৰাচ্যৰ এটা সেনা ঘাটিত খুন্দা মাৰে।
এই ঘটনাত, আইডিএফে কয় যে, এই শোকৰ সময়ত সেনা বাহিনী শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে। আইডিএফে আক্ৰমণ আৰু আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ নাম ভাগ বতৰা কৰাৰ সন্দৰ্ভত উৰাবাতৰি বিয়পাবলৈ আহ্বান জনায়। ইৰাণ সমৰ্থিত লেবানন স্থিত হিজবুল্লাহ উগ্ৰপন্থী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
হিজবুল্লাহই কয় যে, এই আক্ৰমণ টো বৃহস্পতিবাৰে বৈৰুতত ইজৰাইলী সেনাৰ দ্বাৰা হোৱা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে হয়, য’ত ২২ জন লোক নিহত হয় আৰু ১০০ ৰো অধিক লোক আহত হয়। ইজৰাইলী উদ্ধাৰ সেনাই কয় যে, এই আক্ৰমণটোত ৬১ জন লোক আহত হয় আৰু বৰ্তমান তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আহত সকলৰ ভিতৰত কিছুমানৰ অৱস্থা সংকটজনক।
ইজৰাইলী সংবাদ মাধ্যমই কয় যে, দুটা ড্ৰোন নিক্ষেপ কৰা হৈছিল, ইয়াৰে এটাক বাধা দিয়া হৈছিল। এইটো বৰ্তমানলৈ স্পষ্ট হোৱা নাই যে, দ্বিতীয় ড্ৰোনটো কিয় বাধা দিয়া হোৱা নাছিল।
আমেৰিকাই ইয়াৰ পূৰ্বে দেওবাৰে কৈছিল যে, তেওঁলোকে নিৰাপত্তাৰ সমৰ্থনৰ বাবে ইজৰাইললৈ টাৰ্মিনেল হাই অল্টিটিউড এৰিয়া ডিফেন্স নামেৰে জনাজাত এক বায়ু প্ৰতিৰক্ষা প্ৰণালী প্ৰেৰণ কৰিব। আচলতে ইজৰাইল আৰু হামাছৰ মাজত যোৱা এবছৰ ধৰি সংঘৰ্ষ চলি আছে। হিজবুল্লাহই বৰ্তমান সংঘৰ্ষত যোগদান কৰিছে।
মধ্য গাজাত আইডিএফৰ বিমান আক্ৰমণ
মধ্য গাজাৰ এখন বিদ্যালয়ত ইজৰাইলী সেনাৰ বিমান আক্ৰমণত শিশুসহ কমেও ২০ জন লোক নিহত হয়। দেওবাৰে নুচিৰাটত হোৱা আক্ৰমণত দুগৰাকী মহিলাও নিহত হয়। বহুলোকে আশ্ৰয় লৈ এই বিদ্যালয়ত বাস কৰি আছিল।শেষত মৃতদেহবোৰ আল আওদা আৰু আল-আকছা শ্বহীদ চিকিৎসালয়লৈ লৈ যোৱা হয়।