শ্ৰীলংকাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰষুণে। দেশখনৰ ১২ খন জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১,২৫,০০০ ৰো অধিক লোক ইয়াৰ কৱলত পৰিছে। তদুপৰি বিভিন্ন প্ৰান্তত বান সদৃশ পৰিস্থিতিৰো উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে।
প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে ৰাজধানী কলম্বোকে ধৰি ইয়াৰ উপনগৰ অঞ্চল সমূহৰ স্কুলসমূহ বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰকাশ কৰিছে।
ইফালে ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি অনুৰাগ দিছানায়কে অতিৰিক্ত ৫ কোটি টকা প্ৰদানৰো নিৰ্দেশ প্ৰদান কৰিছে। প্ৰকৃতিৰ ৰোষত পৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তিৰত কৰাৰ লগতে খাদ্য সামগ্ৰী যোগাদন ধৰিবলৈ স্থল সেনাৰ লগতে নৌসেনাক নিয়োজিত কৰিছে।
উল্লেখ্য যে, যোৱা দুদিনত দ্বীপ ৰাষ্ট্ৰখনৰ একাংশ জিলাত ১০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ লগতে প্ৰচণ্ড বতাহ বলি থকাৰ ফলত বহু অঞ্চলত বানসদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত সাধাৰণ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে।