এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা আঘাতৰ সমস্যাত যুঁজি থকা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামীৰ কেতিয়া প্ৰত্যাৱৰ্তন হ’ব তাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত অব্যাহত আছে চৰ্চা।
ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ জৰিয়তে ছামীৰ প্ৰত্যাৱৰ্তন হ’ব বুলি অনুৰাগীসকলে আশা পালি থকাৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাই ক্ৰিকেটাৰ গৰাকীৰ ফিটনেছ সন্দৰ্ভত ডাঙৰ মন্তব্য আগবঢ়াইছে।
ৱেব স্প’ৰ্টছৰ সৈতে হোৱা কথা বতৰাত ৰোহিত শৰ্মাই কয় যে আঁঠুৰ আঘাতে পুনৰ সমস্যাত পেলোৱাৰ বাবে তেওঁ আৰু কিছু পিছুৱাই গ’ল। ইয়াৰ উপৰি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলিও গভীৰ বিশ্বাসী ৰোহিত।
ৰোহিতে কয়, ‘ছামীয়ে সামান্য অসুবিধাৰ সন্মুখীন হ’ল আৰু আঁঠু ফুলাৰ বাবে তেওঁ অলপ পিছুৱাই গ’ল আৰু নতুনকৈ আৰম্ভ কৰিব লাগিব। তেওঁ নেচনেল ক্ৰিকেট একাডেমীত চিকিৎসক আৰু ফিজিঅ’ৰ লগত আছে। আমি সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠা ছামীক অষ্ট্ৰেলিয়ালৈ লৈ যাব নিবিচাৰো। আমি ফিংগাৰ ক্ৰছ কৰি ৰাখিছো’।
ৰোহিত শৰ্মাৰ মন্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাত কিয় ছামীক দলত স্থান দিয়া নহ’ল। উল্লেখ্য যে, ১৬ অক্টোবৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা। শৃংখলাৰ প্ৰথমখন মেচ বেংগালুৰু এম চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।