টিভি উদ্যোগৰ প্ৰখ্যাত অভিনেত্ৰী আৰতি সিঙে বৰ্তমান আলোচনাৰ শীৰ্ষত আছে। অলপতে তেওঁ ব্যৱসায়ী দীপক চৌহানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বিবাহৰ পিছৰে পৰা তেওঁ নিৰন্তৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।
তেওঁ নিজৰ স্বামীৰ সৈতে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ আৰতিৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিও শুনিবলৈ পোৱা গৈছে।
প্ৰকৃততে, আৰতি আৰু দীপকৰ বিবাহ বিচ্ছেদৰ বাতৰি তেওঁলোকৰ বিবাহৰ কেইদিনমান পিছতেই ছচিয়েল মিডিয়াত আহিবলৈ আৰম্ভ কৰিছিল। এক প্ৰতিবেদন অনুসৰি, আৰতি সিঙে কয় যে, এই উৰাবাতৰিবোৰ কেনেদৰে আৰম্ভ হৈছে তেওঁ নাজানে।
লগতে তেওঁ কয় যে, যেতিয়া এই বাতৰি শুনিবলৈ পাইছিল, তেতিয়া তেওঁ অতিকৈ বিচলিত হৈছিল। লগতে তেওঁ কয় যে, এই বিবাহত তেওঁ অত্যন্ত সুখী।
টিভি অভিনেত্ৰী আৰতি সিঙে ২০২৪ চনৰ ২৫ এপ্ৰিলত ব্যৱসায়ী দীপক সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আৰতিৰ মোমায়েক আৰু বলীউড তাৰকা গোবিন্দাও তেওঁলোকৰ বিয়ালৈ আহিছিল। আৰতি সিং হৈছে যে, প্ৰখ্যাত অভিনেতা আৰু কৌতুকশিল্পী ক্ৰুষ্ণা অভিষেকৰ ভগ্নী। শেহতীয়াকৈ, আৰতিক কালাৰ্ছৰ অনুষ্ঠান লাফটাৰ চেফত দেখা গৈছিল। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে দেওবাৰে ৪ মাহ সম্পূৰ্ণ কৰাৰ বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল।