মণিপুৰৰ ১৯ গৰাকী বিজেপি বিধায়কে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অপসাৰণৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত স্বাক্ষৰ কৰা বিধায়কসকলৰ ভিতৰত আছে বিধানসভাৰ অধ্যক্ষ থৌকচৌম সিং, মন্ত্ৰী থৌংগম বিশ্বজীত সিং আৰু য়ুনৱাম খেমচন্দ সিং।
মঙলবাৰে প্ৰথমবাৰৰ বাবে দিল্লীত মেইটেই, কুকি আৰু নাগা বিধায়কৰ মাজত হোৱা বৈঠকৰ পিছতেই এই পত্ৰখন লিখে। পত্ৰখনত উল্লেখ কৰে যে, ৰাজ্যখনত কিয় এতিয়াও শান্তি প্ৰতিষ্ঠা হোৱা নাই তাক লৈ মণিপুৰৰ জনসাধাৰণে বিজেপি চৰকাৰখনক বাৰম্বাৰ প্ৰশ্ন কৰি আছে। যদি শীঘ্ৰে সমাধান নহয়, তেন্তে বিধায়কসকলকো পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছে।
বিধায়কসকলৰ মতে ৰাজ্যত চলি থকা অশান্তিৰ অন্ত পেলোৱাৰ একমাত্ৰ উপায় হ’ল মুখ্যমন্ত্ৰী বীৰেন সিঙক অপসাৰণ কৰা। পত্ৰখনত কোৱা হৈছে যে কেৱল নিৰাপত্তা বাহিনী নিয়োগ কৰিলেই মণিপুৰৰ সমস্যা সমাধান নহ’ব। এই সংগ্ৰাম যিমানেই দীঘলীয়া হ’ব সিমানেই ৰাজ্য আৰু দেশৰ ক্ষতি হ’ব।
ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে সকলো দলৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছে বিধায়কসকলে। লগতে পত্ৰখনত কোৱা হৈছে যে ৰাজ্যত ব্যৱসায় স্তব্ধ হৈ পৰিছে, যাৰ বাবে মুদ্ৰাস্ফীতি আকাশলংঘী হৈছে আৰু বহু লোক নিবনুৱা হৈ পৰিছে।
উল্লেখ্য যে, বিগত ডেৰ বছৰ ধৰি মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৰাজ্যখনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষৰ ফলত ৰাজ্যখনত এতিয়াও সময়ে সময়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।