ক্ৰিকেট অনুৰাগীয়ে পুনৰ দেখিবলৈ পাব ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাপূৰ্ণ মেচ। ১৯ অক্টোবৰ অৰ্থাত শনিবাৰে ২০২৪ এ চি চি ইমাৰ্জিং এছিয়া কাপত মুখামুখি হ’ব দুয়োটা দল। এই মেচখনক লৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে দুয়োখন দেশৰ কোটি-কোটি ক্ৰিকেট অনুৰাগী।
তিলক বাৰ্মাৰ নেতৃত্বত গঠিত ভাৰতীয় দলটোত কেইবাগৰাকীও যুৱ খেলুৱৈ আছে যিয়ে আই পি এলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে। এই টুৰ্ণামেণ্টখনত অভিষেক শৰ্মা, সাই কিশোৰ আৰু ৰাহুল চহৰৰ দৰে প্ৰতিভাৱান ক্ৰিকেটাৰে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে।
আনহাতে মহম্মদ হেৰিছৰ নেতৃত্বাধীন পাকিস্তান দলটোও উদীয়মান তাৰকাৰে ভৰা। সেয়ে দুয়োটা দলৰ মাজত পুনৰবাৰ এখন ৰোমাঞ্চকৰ মেচ হ’ব বুলি আশা কৰা হৈছে।
মেচখন লাইভ চাবলৈ ফেনকোড এপ আৰু ইয়াৰ ৱেবছাইটৰ সহায় ল’ব লাগিব। জিঅ’ চিনেমা বা ডিজনি হট ষ্টাৰৰ দৰে প্লেটফৰ্মত এই মেচখন উপভোগ কৰিব নোৱাৰিব।
১৯ অক্টোবৰত ভাৰত-এ বনাম পাকিস্তান-এৰ মাজত হ’বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব।