অৱশেষত জামিন লাভ কৰিলে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে ধন সৰবৰাহৰ গোচৰত তেওঁক এই সকাহ প্ৰদান কৰে। তেওঁক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰা হৈছে।
ৰাউজ এভিনিউ আদালতে কয় যে সত্যেন্দ্ৰ জৈনে দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছিল। এই বিচাৰ সম্পূৰ্ণ হোৱাটো দূৰৰ কথা, শীঘ্ৰে আৰম্ভ হোৱাৰো সম্ভাৱনা নাই। সত্যেন্দ্ৰ জৈন জামিনৰ অধিকাৰী।
আদালতে লগতে কয় যে তেওঁ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰে লগতে ভাৰতৰ বাহিৰলৈও যাত্ৰা নকৰাৰ চৰ্তত জামিন প্ৰদান কৰা হয়।
উল্লেখ্য যে, ২০২২ চনৰ মে’ মাহত প্ৰৱৰ্তন সঞ্চালকাল চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সত্যেন্দ্ৰ জৈনক। বিগত বৰ্ষৰ মে’ মাহত স্বাস্থ্যজনিত সমস্যাৰ বাবে আপ নেতা জৈনে জামিন লাভ কৰিছিল। ১০ মাহৰ জামিনত আছিল তেওঁ।
অৱশ্যে চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁৰ নিয়মীয়া জামিনৰ শুনানি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয় যদিও আদালতে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কয়। ১৮ মাৰ্চত তেওঁ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰে।
উল্লেখ্য যে, জামিন প্ৰদান কৰাৰ লগে লগে আদালতত উপস্থিত থকা তেওঁৰ পত্নীয়ে আৱেগিক হৈ পৰে আৰু আদালতৰ ভিতৰতে তেওঁ কান্দি দিয়ে।