NCPCR এক তথ্যই দেশত লগাইছে তোলপাৰ। হাজাৰোধিক মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰিছে হাজাৰ হাজাৰ হিন্দু শিক্ষাৰ্থীয়ে। এই তথ্য প্ৰকাশ কৰিছে NCPCRৰ অধ্যক্ষ প্ৰিয়ংক কানুনগ’ই। চৰকাৰ অতি শীঘ্ৰেই মাদ্ৰাছাকেইখনৰ পৰা হিন্দু শিক্ষাৰ্থীক উলিয়াই আনি আন সাধাৰণ স্কুলত নামভৰ্তি কৰাই দিব লাগে আবেদন কৰিছে অধ্যক্ষগৰাকীয়ে। এই তথ্য ৰাজহুৱা কৰাৰ লগে লগে হাহাকাৰ লাগিছে মধ্যপ্ৰদেশত।
মধ্যপ্ৰদেশৰ ১,৭৫৫খন পঞ্জীভুক্ত মাদ্ৰাছাত অধ্যয়ন কৰিছে প্ৰায় ৯,৪১৭গৰাকী হিন্দু শিক্ষাৰ্থীয়ে। এই তথ্য লাভ কৰাৰ পিছতে অসন্তুষ্ট হৈ পৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগৰ অধ্যক্ষই। মধ্যপ্ৰদেশ চৰকাৰক আবেদন জনাইছে হিন্দু শিক্ষাৰ্থীসকলক উলিয়াই আনিব লাগে মাদ্ৰাছাৰ পৰা।
মাদ্ৰাছাত কেৱল মুছলমান শিক্ষাৰ্থীক ইছলামিক শিক্ষা দিব লাগে, কিন্তু হিন্দু শিক্ষাৰ্থীক এই আওতাৰ পৰা বাহিৰত ৰাখিব লাগে। অধ্যক্ষগৰাকীৰ মতে মাদ্ৰাছাত শিক্ষকতা কৰা শিক্ষকসকলৰ নাই কোনো বি এড ডিগ্ৰী। আনহাতে অপঞ্জীকৃত মাদ্ৰাছাত পঢ়াই থকা মুছলমান শিক্ষাৰ্থীকো সাধাৰণ স্কুলত নাম ভৰ্তি কৰাই দিব লাগে আবেদন কৰিছে NCPCRৰ অধ্যক্ষগৰাকীয়ে।