কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পদত্যাগৰ পিছৰে পৰা খালী হৈ আছে কেৰালাৰ ৱায়ানাদ লোকসভা সমষ্টিৰ আসনখন। খালী হৈ থকা এই আসনখনত এতিয়া অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। এই নিৰ্বাচনত কংগ্ৰেছ দলে নিজৰ জয়ৰ ধাৰা অব্যাহত ৰখাৰ পূৰ্ণ প্ৰচেষ্টা চলাব।
দেশৰ অন্যতম গুৰুত্বপূৰ্ণ এই সমষ্টিটোৰ পৰা কংগ্ৰেছ দলে এইবাৰ প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰিছে। জানিব পৰা অনুসৰি, ২৩ অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰিব, যাৰ লগে লগে আৰম্ভ হ’ব তেওঁৰ নিৰ্বাচনী ৰাজনৈতিক কেৰিয়াৰ।
মনোনয়ন দাখিলৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও উপস্থিত থাকিব।
উল্লেখ্য যে, নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, অহা ১৩ নৱেম্বৰত ৱায়ানাদ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব।
প্ৰিয়ংকা গান্ধীয়ে চিপিআই আৰু বিজেপিৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। দুয়োটা দলে এই আসনখনৰ বাবে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
এই সমষ্টিটোত চি পি আইয়ে সত্যন মোকেৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁ কেৰালাৰ কোঝিকোড়ৰ নাদাপুৰমৰ তিনিবাৰৰ বিধায়ক। ৰাজনীতিৰ প্ৰতি মোকেৰীৰ গভীৰ অভিজ্ঞতা আছে আৰু ছাত্ৰ দিনৰ পৰাই ৰাজনীতিৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে।