চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। এই শৃংখলাৰ পূৰ্বে ইণ্ডিয়া A দলে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব।
ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইণ্ডিয়া A দলৰ স্কোৱাড ঘোষণা কৰিছে। এগৰাকী ২৭ বছৰীয়া যুৱ খেলুৱৈক এই দলৰ কমাণ্ড দিয়া হৈছে। এই সময়তে ঈশান কিষাণো ঘূৰি আহিছে।
এই ভ্ৰমণত ইণ্ডিয়া A দলে অষ্ট্ৰেলিয়া A ৰ বিৰুদ্ধে ২ খন প্ৰথম শ্ৰেণীৰ খেল খেলিব লাগিব। ইয়াৰ পিছত এই দলটোৱে ১ খন ইন্ট্ৰা-স্কোৱাড খেলত টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিব।
এক ডাঙৰ সিদ্ধান্ত লৈ বিচিচিআইয়ে ঋতুৰাজ গাইকৱাডক ইণ্ডিয়া Aৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে ইৰাণী কাপৰ বাবে ৰেষ্ট অৱ ইণ্ডিয়া দলৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হৈছিল ঋতুৰাজ গাইকৱাড। একে সময়তে তেওঁৰ শেহতীয়া প্ৰদৰ্শনো যথেষ্ট উৎকৃষ্ট। ৰঞ্জী ট্ৰফীতো তেওঁ মুম্বাইৰ বিৰুদ্ধে অধিনায়কত্বৰ ইনিংছ খেলিছিল। এই মেচখনত তেওঁ মাত্ৰ ৮৭ টা বলত শতক অৰ্জন কৰে।
অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে এই শৃংখলাৰ প্ৰথমখন মেচ ৩১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয়খন মেচ ৭ নৱেম্বৰৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হ’ব।
ভাৰতীৰ ঈশান কিষানেও তেওঁৰ এই খেলৰ বাবে পুৰস্কাৰ লাভ কৰিছে। শেহতীয়াকৈ তেওঁ ইটোৰ পিছত সিটোকৈ বহু উজ্জ্বল ইনিংছ খেলিছে, যাৰ বাবে তেওঁ ইণ্ডিয়া A দলত নিজৰ স্থান দখল কৰাত সফল হৈছে। ঈশান কিষাণক শেষবাৰৰ বাবে ২০২৩-২৪ বৰ্ষৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াৰ দলত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পিছত বিচিচিআইয়েও তেওঁক কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়ে। এনে পৰিস্থিতিত ইণ্ডিয়া A লৈ অহাটো তেওঁৰ বাবে সু-খবৰ। এতিয়া তেওঁৰ চকু ছিনিয়ৰ দলত স্থান লাভৰ ওপৰত থাকিব।
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব লগা ইণ্ডিয়া A দলৰ সদস্যসকল হ’ল- ঋতুৰাজ গাইকৱাড (অধিনায়ক), অভিমন্যু ইশ্বৰন(উপ অধিনায়ক), সাই সুদৰ্শন, নীতিশ কুমাৰ ৰেড্ডী, দেৱদত্ত পাদিক্কাল, ৰিকি ভুই, বাবা ইন্দৰজীত, ঈশান কিষাণ (উইকেটকীপাৰ), অভিষেক পোৰেল (উইকেটকীপাৰ), মুকেশ কুমাৰ, খলিল আহমেদ, যশ দয়াল , নৱদীপ ছাইনী, মানৱ সুথাৰ, তনুষ কোটিয়ান।