প্ৰতি বছৰে ১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় কফি দিৱস পালন কৰা হয়। একাপ উৎকৃষ্ট সোৱাদযুক্ত কফিয়ে মানসিক চাপো আঁতৰাই পেলায়। কিছুমান মানুহ ইয়াৰ প্ৰতি ইমানেই আসক্ত যে, ইয়াৰ সুগন্ধিৰ প্ৰতি নিজেই আকৰ্ষিত হয়।
কফি প্ৰেমী লোক সমগ্ৰ বিশ্বতে আছে। বহু বাতৰিত প্ৰকাশ পাইছে যে যোৱা কেইবছৰমানৰ পৰা মানুহৰ মাজত কফিৰ চাহিদা বৃদ্ধি পাইছে। এক প্ৰতিবেদন অনুসৰি, ভাৰতত মাত্ৰ কেইবছৰমানৰ ভিতৰতে কফি উৎপাদন ৫ৰ পৰা ৬ শতাংশ বৃদ্ধি পাইছে।
ভাৰতৰ বহু সুন্দৰ স্থানত কফি বাগিচা আছে। অৱশ্যে বেছিভাগ বাগিচা দক্ষিণ ভাৰতত আছে। জানো আহক কিছুমান কফি বাগিচাৰ বিষয়ে, যিবোৰ আপুনি জীৱনত এবাৰ চোৱাটো দৰকাৰ-
মুন্নাৰ কফি ষ্টেট, মুন্নাৰ
চাহ বাগিচাৰ বাবে বিখ্যাত মুন্নাৰক দক্ষিণ ভাৰতৰ স্বৰ্গ বুলি গণ্য কৰা হয়। ৰসাল সেউজীয়া পাহাৰেৰে আগুৰি থকা এই ঠাইখনৰ ডাৱৰৰ আৱৰণে ইয়াক অধিক সুন্দৰ কৰি তুলিছে। চাহ বাগিচা আৰু কাৰখানাৰ উপৰিও ইয়াত কফি বাগিচাও আছে। বহু একৰ মাটিত বিস্তৃত হৈ আছে এই কফি বাগিচা।কফি আৰু চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য্যই ইয়াক অধিক আকৰ্ষণীয় পৰ্যটনস্থলী কৰি তুলিছে।
কুৰ্গ কফি ষ্টেট, কৰ্ণাটক
দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এনে বহু ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি দৰ্শনীয়। পাহাৰীয়া সুন্দৰ স্থানবোৰৰ ভিতৰত এটা হ’ল কুৰ্গ, য’ত বহুতো চাহ-কফি বাগিচা আছে। ইয়ালৈ মানুহে কফি বিন বা চাহপাত কিনিবলৈ আহে। অৱশ্যে কুৰ্গ হানিমুনৰ বাবেও উপযুক্ত স্থান, য’ত দম্পতীয়ে কফি আৰু চাহ বাগিচাৰ মাজত ৰোমান্টিক ফটো লয়। ইয়াৰ কফিৰ সোৱাদও ভাল।
চিকমাংগালুৰ, কৰ্ণাটক
কৰ্ণাটকৰ এই পৰ্যটন স্থান কেৱল প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবেই নহয়, কফি বাগিচাৰ বাবেও বিখ্যাত। কোৱা হয় যে, ইয়াত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ ৰাজত্বৰ সময়ত কফি উদ্যোগ আৰম্ভ হৈছিল। অৱশ্যে ইয়াত এতিয়াও বহুতো কফি বাগিচা আৰু চৰকাৰী দোকান আছে। যদি আপুনি কফি প্ৰেমী, তেন্তে নিশ্চয় চিকমাংগালুৰৰ দৰে মনোমোহা ঠাইখন ভ্ৰমণ কৰা উচিত।
ৱায়ানাড, কেৰেলা
কেৰালাৰ বেছিভাগ ঠাইয়েই প্ৰাকৃতিক সৌন্দৰ্য্যৰে আগুৰি আছে আৰু তাৰ ভিতৰত ৱায়ানাড অন্যতম। যদিও এই ঠাইখন এতিয়া ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অধিক পৰিচিত, তথাপিও ই এক জনপ্ৰিয় পৰ্যটনস্থলী। ৱায়ানাডত বহুতো কফি বাগিচা আছে।
অৰাকু উপত্যকা, অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম জিলাত অৱস্থিত অৰাকু উপত্যকা এটা বিখ্যাত পাহাৰীয়া ষ্টেচন। কোৱা হয় যে, ইয়াত জৈৱিক কফি উৎপাদন কৰা প্ৰথম জনজাতীয় কফি উৎপাদকসকল থাকে। ইয়াৰ পূৱ ঘাটবোৰ চিন্তাপল্লী, পাদেৰু আৰু মাৰেডুমিলি কফি উৎপাদন কৰা অঞ্চল বুলি জনা যায়।