২০২৬ গ্লাছগো কমনৱেলথ গেমছৰ পৰা বাদি পৰিল হকীৰ লগতে আন কেইবাটাও জনপ্ৰিয় খেল। আয়োজক চহৰ গ্লাছগোৱে ব্যয় সংকোচনৰ উপায় হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
২০২৬ চনৰ ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাখনত ইভেণ্টৰ সংখ্যা ১০ টালৈ হ্ৰাস কৰে। ইয়াৰ পূৰ্বৰ অৰ্থাত ২০২২ বাৰ্মিংহাম কমনৱেলথত ইভেণ্টৰ সংখ্যা আছিল ১৯টা।
আজি প্ৰকাশ কৰা সূচী অনুসৰি ২০২৬ গ্লাছগো কমনৱেলথত হকী, বেডমিণ্টন, শ্বুটিং, মল্লযুঁজ, ক্ৰিকেট, টেবুল টেনিছ, স্কোৱাছ আৰু ৰোড ৰেচিঙৰ দৰে খেলসমূহ প্ৰতিযোগিতাখনৰ পৰা বাদ দিছে।
ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম সন্মানীয় এই প্ৰতিযোগিতাখনত হকী, বেডমিণ্টন, ক্ৰিকেট, শ্বুটিং, মল্লযুঁজৰ দৰে ইভেণ্ট বাদ পৰাটো ভাৰতৰ বাবে ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।