নিউজিলেণ্ডে জয়েৰে আৰম্ভ কৰিছে টেষ্ট শৃংখলা। তিনিখন মেচৰ শৃংখলাত আলহী দলটোৱে বেংগালুৰু টেষ্টত ভাৰতক পৰাস্ত কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। এতিয়া শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব পুনেত।
অপ্ৰত্যাশিতভাৱে প্ৰথমখন মেচত পৰাস্ত হোৱা ভাৰতীয় দলে দ্বিতীয়খন মেচত জয়ী হৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাব। আনহাতে, আলহী দলটোৱে দ্বিতীয় মেচখনত জয়ী হৈ শৃংখলা জয়ৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে।
এই গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে নিউজিলেণ্ড দলৰ বাবে আহিছে বেয়া খবৰ। নিউজিলেণ্ডৰ হৈ টেষ্ট ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনজন দ্বিতীয়খন মেচতো অংশ ল’ব নোৱাৰিব।
নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা অভিজ্ঞ বেটছমেন কেন উইলিয়ামছনে দ্বিতীয়খন টেষ্টত খেলিব নোৱাৰিব। তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত উপলব্ধ নহ’ব উইলিয়ামছন।
শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল উইলিয়ামছন। নিউজিলেণ্ড দলৰ মুখ্য প্ৰশিক্ষক গেৰী ষ্টেডে উইলিয়ামছনৰ আঘাত সন্দৰ্ভত কয়, ‘আমি কেনৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখিছো আৰু তেওঁ সঠিক দিশত আগবাঢ়িছে, কিন্তু এতিয়াও ১০০% ফিট হোৱা নাই। আমি আশাবাদী যে অনাগত দিনত তেওঁৰ আৰু অধিক উন্নতি হ’ব আৰু আমি তেওঁক তৃতীয় টেষ্টত উপলব্ধ হ’ব বুলি আশাবাদী’।