ইৰাকত সন্ত্ৰাস বিৰোধী অভিযানত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ এজন শীৰ্ষ কমাণ্ডাৰ আৰু আন ৮ জন সন্ত্ৰাসবাদী নিহত হৈছে। সামৰিক অভিযানৰ সময়ত সন্ত্ৰাসবাদী কেইজন নিহত হোৱা বুলি দেশখনৰ প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ইফালে আমেৰিকাৰ বিষয়াসকলে কয় যে সোমবাৰে নিশা আমেৰিকা আৰু ইৰাকৰ নিৰাপত্তা বাহিনীয়ে চলোৱা যৌথ অভিযানত সন্ত্ৰাসবাদী কেইজন নিহত হৈছিল আৰু এই সময়তে দুজন আমেৰিকান সৈনিকো আহত হয়।
ইৰাকৰ প্ৰধানমন্ত্ৰী মহম্মদ ছিয়া আল চুডানীয়ে কয় যে ছালাহুদ্দিন প্ৰদেশৰ হামৰিণ পাহাৰীয়া অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী নিৰাপত্তা বাহিনী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সেৱাৰ যৌথ অভিযানত জাছিম আল মাজৰুই আবু আব্দুল কাদিৰ নিহত হৈছে।
আল চুডানীয়ে এক বিবৃতিত কয় যে ইৰাকত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। আমি তেওঁলোকে আত্মগোপন কৰি থকা ঘাটি সমূহত অভিযান চলাম আৰু তেওঁলোকক নিৰ্মূল কৰিম।
ইফালে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ প্ৰেছ সচিব আমেৰিকাৰ বায়ুসেনাৰ মেজৰ জেনেৰেল পেট ৰাইডাৰে কয় যে অভিযানৰ সময়ত আহত হোৱা আমেৰিকান জোৱান দুজনৰ অৱস্থা বৰ্তমান সুস্থিৰ। ৰাইডাৰ আৰু অন্যান্য আমেৰিকাৰ বিষয়াসকলে কয় যে এই অভিযানৰ সময়ত ইছলামিক ষ্টেটৰ শীৰ্ষ উগ্ৰপন্থীক লক্ষ্য কৰি লোৱা হৈছিল। অৱশ্যে এই আক্ৰমণত আব্দুল কাদিৰ নিহত হৈছে নে নাই সেয়া নিশ্চিত কৰা নাই।