ধাৰাবাহিক আক্ৰমণত তচনচ হোৱা ইৰানে আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ নিদিয়ে। ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেয়ে এই কথা প্ৰকাশ কৰিছে।
ইজৰাইলে ইৰানৰ সামৰিক ঘাটিত চলোৱা আক্ৰমণৰ ২৪ ঘণ্টাৰ পাছত প্ৰথমবাৰৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি খামেনেয়ে কয় যে ইৰান ইজৰাইলত আক্ৰমণ কৰাৰ পৰা বিৰত থাকিব।
খামেনেয়ে কয়, ‘ইজৰাইলৰ আক্ৰমণক অতিৰঞ্জিত কৰিব নালাগে বা কমকৈও ব্যাখ্যা কৰিব নালাগে।’ এই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁলোকে ইজৰাইলৰ দৰে শক্তিশালী দেশৰ বিৰুদ্ধে যুঁজ দিব বিচৰা নাই।
ইৰানৰ সেনাই কয় যে গাজাপট্টি বা লেবাননত যুদ্ধ বিৰতি ইজৰাইলৰ আক্ৰমণতকৈ অধিক ভাল দিশ, কিন্তু এই কথাও মনত ৰখা উচিত যে ইৰানৰ প্ৰত্যুত্তৰ দিয়া অধিকাৰ আছে।
ইফালে ইজৰাইলে কৰা আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে ইৰানৰ সৰ্বোচ্চ নেতা খামেনেই গুৰুতৰৰূপে অশুস্থ বুলি প্ৰকাশ পাইছে। খামেনেই সম্পৰ্কত প্ৰকাশ পোৱা এই বাতৰিয়ে সমগ্ৰ ইৰানত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কেৱল সিমানেই নহয়, খামানেইৰ উত্তৰাধিকাৰী বাছনি প্ৰক্ৰিয়াও আৰম্ভ কৰিছে দেশখনে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, ৮৫ বছৰীয়া খামানেইৰ উত্তৰাধিকাৰীৰূপে তেওঁৰ জ্যেষ্ঠ পুত্ৰ মোজতবা খামেনেইক ইৰানৰ সৰ্বোচ্চ নেতাৰূপে স্থলাভিষিক্ত কৰা হ’ব পাৰে।