কিছুদিন পূৰ্বে বিহাৰৰ পূৰ্ণিয়াৰ সাংসদ পাপ্পু যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে পোষ্ট কৰি কৈছিল যে যদি চৰকাৰে অনুমতি প্ৰদান কৰে তেন্তে ২৪ ঘন্টাতেই লৰেন্স বিষ্ণৈৰ দৰে সৰু অপৰাধীৰ নেটৱৰ্ক নিঃশেষ কৰি পেলাব।
লৰেন্স বিষ্ণৈ গেঙক ধমক দিয়াৰ পিছতেই এতিয়া সেই গেঙৰ পৰা সাংসদ পাপ্পু যাদৱলৈ ধমকভৰা ফোন আহিছে। পাপ্পু যাদৱক ফোন কৰা ব্যক্তিজনে লৰেন্স বিষ্ণৈই গেঙৰ বুলি পৰিচয় দি সাংসদগৰাকীক দাবী-ধমক প্ৰদান কৰে।
হোৱাটছ এপযোগে কৰা ফোনত ভাবুকি প্ৰদান কৰা লোকজনে নিজৰ ডিপিত লৰেন্স বিষ্ণৈৰ ছবি ব্যৱহাৰ কৰিছিল। এই ধমকভৰা কলটো তিনি-চাৰিদিন পূৰ্বৰে বুলি কোৱা হয়।
ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত ফোন কৰাজনে কয়, ‘পাপ্পু যাদৱৰ লগত কথা পাতিছো নেকি?’ ইয়াৰ উত্তৰত পাপ্পু যাদৱে কয়, ‘নমস্কাৰ, মই পাপ্পু যাদৱৰ পি এ। কওকচোন, কি আছিল?’
ইয়াৰ উত্তৰত ফোন কৰাজনে কয়, ‘কোনো আদেশ নাই… কাৰোবাৰ ওপৰত মন্তব্য বা কাৰোবাৰ বিৰুদ্ধে কথা কোৱাৰ আগতে চিন্তা কৰিব লাগে, আমি কি ক’ব বিচাৰিছো বুজিছানে?’
উত্তৰত পাপ্পু যাদৱে কয়, ‘কাৰো বিৰুদ্ধে একো কোৱা নাই। আমি যিকোনো ঘটনাৰ বিষয়ে, যিকোনো পৰিস্থিতিৰ বিষয়ে কেৱল টুইট কৰো। এইটো এটা ৰাজনৈতিক টুইট আৰু ৰাজনৈতিক মানুহে এইদৰে টুইট কৰে।
ইয়াৰ পিছতেই ফোন কৰাজনে কয়, ‘লৰেন্স বিষ্ণৈৰ লগত আপোনাৰ কি শত্ৰুতা?’ পাপ্পু যাদৱে কয়, ‘কোনো শত্ৰুতা নাই’।
উল্লেখ্য যে, ফোন কৰা লোকজনে পাপ্পু যাদৱক সলনি হ’বলৈ আহ্বান জনাই অন্যথা ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলিও ঝমক প্ৰদান কৰে।