প্ৰায় এমাহৰ অন্তত হিজবুল্লাহয়ে নিজৰ নতুন নেতা নিৰ্বাচিত কৰিছে। হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত গ্ৰুপটোৰ কমাণ্ড ল’ব নাইম কাছিমে। ইজৰাইলে বিগত দুমাহত হিজবুল্লাহৰ কেইবাজনো নেতা-সেনাধ্যক্ষক হত্যা কৰিছে।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে মঙলবাৰে কয় যে, হিজবুল্লাহৰ নতুন প্ৰধান নাইম কাছিমৰ নিযুক্তি সাময়িক আৰু তেওঁৰো কাৰ্যকাল বেছি দিন নাথাকিব।
এক্সত দিয়া এটা পোষ্টত গেলেণ্টে ইংগিত দিছে যে, ইজৰাইলৰ এতিয়া লক্ষ্য হিজবুল্লাহৰ নতুন মুৰব্বী। হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাই প্ৰায় তিনিটা দশক ধৰি এই পদত অধিষ্ঠিত হৈ আছিল। যোৱা মাহত এক বিমান আক্ৰমণত ইজৰাইলে তেওঁক হত্যা কৰিছিল।
যোয়াভ গ্যালাণ্টে হিব্ৰু ভাষাত আন এটা পোষ্টত লিখিছে যে, ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে। চলিত মাহৰ আৰম্ভণিতে ইজৰাইলী আক্ৰমণত হিজবুল্লাহৰ কাৰ্যবাহী পৰিষদৰ মুৰব্বী আৰু প্ৰথম অৱস্থাত নাছৰল্লাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হাশ্বেম ছাফিয়েদ্দিনৰ মৃত্যু হৈছিল। গেলেণ্টৰ পোষ্টৰ পৰা জল্পনা-কল্পনা চলিছে যে, ইজৰাইলে নাইম কাছিমকো হত্যা কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে।
নাইম কাছিম কোন?
১৯৫৩ চনত বেইৰুটত জন্মগ্ৰহণ কৰা ৭১ বছৰীয়া কাছিমৰ পৰিয়ালটো পেলেষ্টাইন সীমান্তৰ ওচৰৰ কাফাৰ ফিলা গাঁৱৰ পৰা স্থানচ্যুত হৈ বেইৰুটলৈ আহিছিল। বৰ্তমান তেওঁ হিজবুল্লাহৰ অন্যতম জ্যেষ্ঠ নেতা আৰু ১৯৮২ চনত গঠন হোৱা গোটটোৰ প্ৰতিষ্ঠাপক সদস্যও। কাছিমে হিজবুল্লাহৰ অন্যতম প্ৰধান মুখপাত্ৰ হিচাপে কাম কৰি বিদেশী সংবাদ মাধ্যমক বহু সাক্ষাৎকাৰ দি আহিছে।