দীপাৱলী উপলক্ষে অৰুণাচল প্ৰদেশত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তেওঁ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল টাৱাঙত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব। এই সময়ছোৱাত তেওঁ ভাৰতীয় সেনাৰ জোৱান আৰু বিষয়াসকলক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুও তেওঁৰ লগত থাকিব।
ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে তেওঁ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে নতুন দিল্লীৰ পৰা টাৱাঙলৈ গৈ আছে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইয়াত সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ সৈতে বিশেষ মত বিনিময় কৰিব আৰু ভাৰতীয় সেনাৰ মেজৰ ৰালেংনাও বব খাথিঙৰ নামত উৎসৰ্গিত সংগ্ৰহালয় উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ইয়াৰ উপৰি ভাৰতীয় বায়ুসেনাৰ এছ চি চিৰ বায়ু বীৰ বিজয় কাৰ ৰেলীৰ ফ্লেগ অফ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে। এই ৰেলীটো ভাৰতীয় বায়ুসেনাৰ ৯২ বছৰীয়া জয়ন্তী আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ ২৫ বছৰীয়া বিজয় উপলক্ষে আয়োজন কৰা হৈছে।