নেৰানেপেৰা বৰষুণ আৰু বানে স্পেইনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইয়াৰ ফলত কমেও ৫১ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। বানৰ ফলত শ-শ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈ পৰিছে।
বুধবাৰে স্পেইনৰ কৰ্তৃপক্ষই জনোৱা মতে, সমগ্ৰ দেশতে হঠাতে অহা বানত ৫১ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ-হাজাৰ গাড়ী ভাহি যায়। তদুপৰি, গাঁওসমূহ বুৰাই পেলোৱাৰ লগতে বানৰ ফলত ৰেলপথ আৰু ঘাইপথসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।
পূব ভেলেন্সিয়া অঞ্চলৰ জৰুৰীকালীন সেৱাই মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিছে। হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। বিপদত পৰা আন লোককো নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।
উল্লেখ্য যে, মঙলবাৰে ধাৰাসাৰ বৰষুণৰ ফলত স্পেইনৰ পূব আৰু দক্ষিণ অঞ্চলত বানপানীৰ সৃষ্টি হয়। ৰেলৱে কৰ্তৃপক্ষই জনোৱা মতে, মালাগাৰ ওচৰত ৩০০ লোক কঢ়িয়াই অনা এখন ৰেল লাইনচ্যুত হয়। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতি হোৱা নাই।
ভেলেন্সিয়া আৰু মাদ্ৰিদ চহৰৰ মাজত চলা তীব্ৰবেগী ৰেল সেৱা ব্যাহত হৈ পৰিছে।
বানত আবদ্ধ হৈ থকা লোকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰকাৰী দলে কাম কৰি আছে। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে হেলিকপ্টাৰৰ সহায়ত মানুহসকলক ঘৰ আৰু গাড়ীৰ পৰা উদ্ধাৰ কৰে।
বানপানীয়ে বিধ্বস্ত কৰা অঞ্চলসমূহত ১০০০ৰো অধিক স্পেইনৰ জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হয়। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ স্পেইনৰ কেন্দ্ৰীয় চৰকাৰে সংকট কমিটী গঠন কৰিছে।
স্পেইনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সেৱাৰ তথ্য অনুসৰি বৃহস্পতিবাৰলৈকে দেশখনত বতৰৰ এই প্ৰভাৱ অব্যাহত থকাৰ সম্ভাৱনা আছে।