আজি পবিত্ৰ ঈদ-উল-আজহা। পুৱাই ঈদগাহ-মছজিদত নামাজত অংশগ্ৰহণ ইছলামধৰ্মী লোকৰ। এই পবিত্ৰ ঈদত ইছলামধৰ্মী লোকসকলে কুৰবাণী দিয়াৰ পৰম্পৰা আছে। দুদিন ধৰি অব্যাহত নেৰানেপেৰা বৰষুণৰ ফলত ঈদগাহৰ পৰিবৰ্তে মছজিদে মছজিদে নামাজ আদায় কৰিলে ইছলামধৰ্মী ৰাইজেছ। বিভিন্ন স্থানত থকা ঈদগাহ সমূহত পানী জমা হোৱাৰ বাবে নামাজ আদায়ত বাধাৰ সৃষ্টি হয়। তাৰ মাজতো আজি ইছলামধৰ্মী লোকসকলে পালন কৰিছে ঈদ। ত্যাগ আৰু ভাতৃত্ববোধৰ মাজেৰে সমগ্ৰ অসমত ইছলামধৰ্মী লোকে পালন কৰিছে ত্যাগৰ চানেকি দিয়া এই ঈদ।