টোপনি আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, ভাল টোপনিয়ে আমাক শক্তিশালী আৰু সতেজ অনুভৱ কৰা হয়। কিন্তু এক অধ্যয়নত প্ৰকাশ পাইছে যে, ৰাতি টোপনি ভাল হ’লে আমাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকে আৰু লগতে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়।
এই গৱেষণাৰ মতে, টোপনি কম হ’লে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে, যিয়ে পিছলৈ হৃদযন্ত্ৰত প্ৰভাৱ পেলায়।
এক অধ্যয়ন অনুসৰি, সাত ঘণ্টাৰ কম টোপনিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় আৰু উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। বিশেষকৈ আমাৰ দেশত পুৰুষতকৈ মহিলাৰ টোপনি কম, যাৰফলত ফলত মহিলাৰ স্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পৰে আৰু হৃদৰোগজ্বনিত ৰোগত ভুগে।অধ্যয়নটোত দেখা গৈছে যে সাত ঘন্টাতকৈ কম টোপনি কৰিলে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা ৭ শতাংশ বৃদ্ধি পায়।
এই গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীসকলে কয় যে, সুস্থ হৃদযন্ত্ৰৰ বাবে ৭ৰ পৰা ৮ ঘণ্টা পৰ্যন্ত টোপনি উত্তম। আনহাতে সঘনাই টোপনিত বাধা আৰু বেয়া টোপনিয়ে উচ্চ ৰক্তচাপ আৰু হতাশাৰ সম্ভাৱনা বৃদ্ধি কৰে। এই গৱেষণাত পূৰ্বৰ ১৬টা গৱেষণাৰ তথ্যও একত্ৰিত কৰা হৈছে, য’ত বিগত ৫ বছৰৰ ভিতৰত ৬খন দেশৰ ১০ লাখতকৈ অধিক লোকৰ বিশ্লেষণ কৰা হৈছে, যিসকলে কম টোপনিৰ বাবে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা দেখা গৈছে।
টোপনি কিয় কমি আহিছে?
- বেয়া জীৱনশৈলী, গভীৰ নিশালৈকে সজাগ হৈ থকা, গোটেই ৰাতি মোবাইল আৰু টিভি চোৱাৰ অভ্যাসে মানুহৰ টোপনি বিঘ্নিত কৰিছে, যাৰ বাবে মানুহৰ টোপনিত অসুবিধা হৈছে।
- ধূমপান আৰু মদ্যপানেও টোপনিৰ সমস্যাৰ সৃষ্টি কৰে।
- উদ্বেগ, হতাশা আদি সমস্যাইও টোপনিৰ সমস্যাৰ সৃষ্টি কৰিছে।
- অতিমাত্ৰা খাদ্য খোৱা আৰু ৰাতিৰ শ্বিফ্টেও মানুহৰ টোপনিৰ অভ্যাস নষ্ট কৰি তুলিছে।
টোপনি কেনেকৈ উন্নত কৰিব পাৰি-
- ৰাতি লঘু খাদ্য খাব লাগে।
- ধূমপান নকৰিব আৰু ৰাতি সুৰা সেৱন কৰিব।
- গভীৰ নিশালৈকে মোবাইল আৰু টিভি নাচাব।
- মানসিক চাপ পৰিচালনা কৰক।
- ৰাতি সোনকালে শোৱাৰ অভ্যাস গঢ়ি তোলক।
- লঘু সংগীত শুনক আৰু ভাল কিতাপ পঢ়ক।