পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে কানপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এটা আৱাসিক এলেকাত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত স্বামী-স্ত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।
বিস্ফোৰণটো ইমানেই তীব্ৰতৰ আছিল যে ঘৰটোৰ এটা অংশ যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হয়। তদুপৰি ওচৰে পাজৰে থকা আন ৬টা ঘৰো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। ঘৰ সমূহৰ খিৰিকীৰ কাঁচসমূহ ভাঙি যোৱাৰ লগতে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱা বুলিও জানিব পৰা গৈছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ স্বামী-স্ত্ৰী দুয়োজনকে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
দুপৰীয়া প্ৰায় ১২.৩০ বজাত ছিছামাউ অঞ্চলত সংঘটিত হয় এই ঘটনাটো। এই ঘটনাত আহত হোৱা লোক চাৰিজনক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষী তথা প্ৰশাসনৰ প্ৰাথমিক তদন্তত চিলিণ্ডাৰ বিস্ফোৰণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।