আজি মণিপুৰক লৈ উচ্চস্তৰীয় বৈঠকত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা কৰিব অমিত শ্বাহে। যোৱা এবছৰ ধৰি জ্বলিছে মণিপুৰ। এই বৈঠকত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ সিংহ উপস্থিত থাকিব। মণিপুৰ আৰক্ষী আৰু প্ৰশাসনৰ লোকো উপস্থিত থাকিব বৈঠকত। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বহু শীৰ্ষ বিষয়া উপস্থিত থাকিব হাই লেবেল বৈঠকত। ইয়াৰ কেইদিনমান পূৰ্বে মণিপুৰৰ ঘটনাক লৈ অমিত শ্বাহৰে আলোচনা কৰিছিল মণিপুৰৰ ৰাজ্যপাল অনুসূইয়া উইকে। ইয়াৰ পূৰ্বে এক ভাষণত মণিপুৰক লৈ চৰকাৰক একপ্ৰকাৰ সমালোচনা কৰিছিল RSS অধ্যক্ষ মোহন ভাগৱতে। মণিপুৰ এবছৰ ধৰি জ্বলি আছে শান্ত হোৱা নাই। মণিপুৰে শান্তিৰ বাবে অপেক্ষা কৰি আছে বুলি মোহন ভাগৱতে উল্লেখ কৰিছিল। নিৰ্বাচনী ভাষণবাজিতকৈ ৰাষ্ট্ৰৰ ভিতৰত থকা জ্বলন্ত সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি প্ৰকাশ কৰিছিল মোহন ভাগৱে। আজি সন্ধিয়া ৪ বজাত মণিপুৰক লৈ অনুষ্ঠিত হ’ব বৈঠক।