দীপাৱলীৰ নিশা কানপুৰৰ কাকদেৱ থানা এলেকাৰ এটা ঘৰত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড। এই ঘটনাত ৩জন লোকৰ মৃত্যু হয়। নিশা প্ৰায় ২.৩০ মান বজাত সংঘটিত হয় এই ঘটনা। তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ বহু কষ্টেৰে জুই নিয়ন্ত্ৰণ কৰে।
লাভ কৰা তথ্য অনুসৰি, বিস্কুট ব্যৱসায়ী সঞ্জয় শ্যামদাসনীয়ে পত্নী কণিকা শ্যামদাসনী আৰু গৃহ পৰিচাৰিকা ছবি চৌহানৰ সৈতে পাণ্ডু নগৰ অঞ্চলত বাস কৰিছিল। দীপাৱলীৰ নিশা পৰিয়ালটোৱে মন্দিৰত চাকি জ্বলাই শুই গৈছিল। ইয়াৰ পৰাই গভীৰ নিশা হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড।
অলপ সময়ৰ ভিতৰতে ঘৰত ৰখা শুকান কাঠৰ আচবাবৰ বাবে জুই দ্ৰুতগতিত বিয়পিবলৈ ধৰে। দুৰ্ঘটনাত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় দম্পতীহালৰ। একে সময়তে ঘৰৰ কাম কৰা মহিলাগৰাকী বেয়াকৈ অগ্নিদগ্ধ হয়। আৰক্ষীয়ে তেওঁক ৰিজেন্সি হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসাৰ সময়ত তেওঁৰো মৃত্যু হয়।
অৱশ্যে ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পুত্ৰৰ।
অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু কষ্টৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু পিছত তিনিওজন লোককে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও প্ৰথমে স্বামী-স্ত্ৰীক মৃত বুলি ঘোষণা কৰে। আৰু ইয়াৰ পিছত চিকিৎসাৰ সময়ত কাম কৰা মহিলাগৰাকীৰো মৃত্যু হয়।
ইফালে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ভাদৌৰিয়াই কয় যে মন্দিৰত ৰখা চাকিৰ বাবেই ঘৰটোত অগ্নিকাণ্ড সংঘটিত হৈছে।