দীপাৱলীৰ নিশা দিল্লীৰ ফৰ্শ বজাৰ থানা এলেকাৰ শ্বাহদৰাত কোনো দুৰ্বৃত্তই এজন খুড়া আৰু ভতিজাক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দীপাৱলীৰ নিশা খুড়া আৰু ভতিজাই পূজাৰ বাবে ৰাজপথলৈ ওলাই অহাৰ সময়তে অঞ্চলটোৰ এক নম্বৰ বিহাৰী কলনী ষ্ট্ৰীটত এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, স্কুটীত অহা দুজন যুৱকে প্ৰথমে তেওঁলোকৰ ভৰি চুই আশীৰ্বাদ লৈছিল আৰু তাৰ পিছত পিষ্টল উলিয়াই আক্ৰমণ কৰে। এই আক্ৰমণত দুয়োৰে থিতাতে মৃত্যু হয়। নিহত দুজন আকাশ আৰু ঋষভ বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। লগে লগে দুয়োকে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে মৃত ঘোষণা কৰে।
সম্প্ৰতি এই ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। এই ভিডিঅ’টোত হালধীয়া কুৰ্তা পায়জামা পিন্ধা দুজন ব্যক্তিয়ে দীপাৱলীৰ বাবে ঘৰৰ বাহিৰত থিয় হৈ থকা দেখা গৈছে।
এই সময়তে স্কুটী এখন ৰাস্তাত ৰৈ যায়। স্কুটী আৰোহী এজনে প্ৰথমে ৰাস্তাত থিয় হৈ থকা ব্যক্তিজনৰ ভৰি চুই দিয়ে। ইয়াৰ পিছত যেতিয়া সেই ব্যক্তিজন (খুড়া) তেওঁৰ ঘৰৰ ভিতৰলৈ যাবলৈ আৰম্ভ কৰে, তেতিয়া মটৰ চাইকেলেৰে অহা এজন ব্যক্তিয়ে পিষ্টল উলিয়াই তেওঁৰ ওপৰত কেইবা জাই গুলী চলায়। ইয়াৰ পিছত দুয়োজন মটৰ চাইকেল আৰোহীয়ে তাৰ পৰা পলাই যায়।
লগে লগে দুৰ্বৃত্ত দুজনক কৰায়ত্ত কৰিবলৈ পিছে পিছে দৌৰা ভতিজা জনকো গুলীয়াই হত্যা কৰে। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।