বৃহস্পতিবাৰ অৰ্থাত ৩১ অক্টোবৰত অসমৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশত এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ বাবে অতি কমেও ১০খন ৰে’ল বাতিল কৰা হৈছে বুলি শুকুৰবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰে।
‘মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম চলি আছে। পুনৰুদ্ধাৰৰ কাম নিৰীক্ষণৰ বাবে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলত আছে’, উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।
জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত মুপাৰ সমীপৰ ৫২/৫ কিলোমিটাৰত ২ নং সুৰংগৰ ভিতৰত শস্য কঢ়িয়াই নিয়া এখন মালবাহী ৰে’লপথৰ পৰা বাগৰি যায়। এই দুৰ্ঘটনাটোৰ ফলত অসমৰ বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ মাজত এতিয়া ২৪ ঘণ্টাৰো অধিক সময় ধৰি ৰে’ল সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি পেলাইছে।
মুঠ ১০খন ৰে’ল বাতিল হোৱাৰ বিপৰীতে দুৰ্ঘটনাৰ বাবে চাৰিখন ৰে’ল আংশিকভাৱে বাতিল কৰা হৈছে বুলি বুলেটিনত উল্লেখ কৰা হৈছে।