শুকুৰবাৰে নিশা কাছাৰ জিলাৰ সোনাই আমজুৰঘাট গাছতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকেৰে প্ৰেমিকাক পলাই পলাই লৈ যোৱাৰ সময়ত এখন দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় প্ৰেমিকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰেমিকাসহ মৃত যুৱকজনৰ এজন বন্ধু।
মৃত যুৱকজন সোনাই কাপ্তানপুৰৰ সঞ্জিত ৰবিদাস বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, সঞ্জিত ৰবিদাস নামৰ যুৱকজনে এসপ্তাহ পূৰ্বে সোনাই আমজুৰঘাটৰ এগৰাকী নাবালিকা কিশোৰীক পলাই লৈ গৈছিল। পিছত আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত গতাই দিছিল।
ইয়াৰ পিছত শুকুৰবাৰে নিশা পুনৰ কিশোৰীগৰাকীক পলাই লৈ যোৱাৰ চেষ্টা কৰে যুৱকজনে। প্ৰতিবেশী এগৰাকী বন্ধুক লগত লৈ নিশা এখন বাইকেৰে কিশোৰী গৰাকীক পলাই লৈ যোৱাৰ সময়ত ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু হয় সঞ্জিত ৰবিদাস নামৰ যুৱকজনৰ।
প্ৰত্যক্ষদৰ্শী সকলৰ মতে, দ্ৰুতগতিত বাইকখন যোৱাৰ সময়ত আমজুৰঘাট গাছতলাত এখন দলঙৰ ৰেলিঙত খুন্দা মাৰে৷ ফলত বাইকসহ বাইকত থকা তিনিওজন ৰাজপথত বাগৰি পৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে মৃত্যু হয় সঞ্জিত ৰবিদাস নামৰ প্ৰেমিক যুৱকজনৰ। লগতে গুৰুতৰভাৱে আহত হয় তেওঁৰ প্ৰেমিকাসহ বন্ধু।
ভয়ংকৰ এই দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহসহ আহত দুজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।