ইজৰাইল আৰু ইৰাণৰ মাজত অব্যাহত আছে যুদ্ধ। ইজৰাইলী সেনাই লেবাননৰ খিয়াম অঞ্চলত হিজবুল্লাহৰ দুগৰাকী “মূল সন্ত্ৰাসবাদী”ক হত্যা কৰা বুলি প্ৰকাশ কৰিছে।
ইজৰাইলী সেনাই জনোৱা মতে, তেওঁলোকৰ বাহিনীয়ে বায়ুসেনাৰ সৈতে সংগতি ৰাখি খিয়ামত হিজবুল্লাহৰ কমাণ্ডাৰ ফাৰুক আমিন আলাছিক হত্যা কৰে।দ্বিতীয়জন মৃতকৰ নাম যোচেফ আহমেদ নৌন বুলি উল্লেখ কৰে।গাজাত ইজৰাইলী সেনাই কয় যে, তেওঁলোকে ৰাফাত ইব্ৰাহিম মাহমুদ আকাদিহক হত্যা কৰিছিল, যাক ইছলামিক জেহাদী যোদ্ধা বুলি কয়।
ইফালে, আমেৰিকাই ইজৰাইলৰ ওপৰত পুনৰ আক্ৰমণ চলাব নালাগে বুলি বিগত কিছুদিন পূৰ্বে ইৰাণক সকীয়াই দিয়াৰ খবৰ আহিছে। তেওঁ লগতে কয় যে, যদি ইজৰাইলে পুনৰ আক্ৰমণ কৰে তেন্তে ৱাশ্বিংটনে ইয়াক ৰোধ কৰিব নোৱাৰিব বুলি এগৰাকী আমেৰিকান বিষয়া আৰু ইজৰাইলৰ এজন প্ৰাক্তন বিষয়াই উদ্ধৃতি প্ৰকাশ কৰে।
২৬ অক্টোবৰত ইছলামিক ৰিপাব্লিকত ইজৰাইলৰ সামৰিক বাহিনী আৰু সুবিধাসমূহ লক্ষ্য কৰি সংঘটিত আক্ৰমণৰ পিছতেই ইৰাণৰ বিষয়াসকলে ইজৰাইলৰ বিৰুদ্ধে পুনৰ আক্ৰমণৰ ভাবুকি দিছে, য’ত ইৰাণে তেওঁলোকৰ কমেও পাঁচজন লোকৰ মৃত্যু হোৱা বুলি কয়।