৫ নৱেম্বৰ মঙলবাৰে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ মুখামুখি হ’ব। এনে পৰিস্থিতিত প্ৰশ্নটো হ’ল আমেৰিকাত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ জয়ী হ’ব নে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প জয়ী হ’ব?
আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। কেইঘণ্টামানৰ ভিতৰতে আমেৰিকাৰ জনসাধাৰণে নিজৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি বাছি ল’ব। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে পুনৰবাৰ নিৰ্বাচনী ক্ষেত্ৰত নিজৰ ভাগ্য পৰীক্ষা কৰিছে। যদি এই নিৰ্বাচনত কমলা হেৰিছ জয়ী হয় তেন্তে তেওঁ আমেৰিকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ব আৰু যদি ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন দখল কৰিব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এই ৰাউণ্ড পুনৰবাৰ এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হ’ব, য’ত ৰিপাব্লিকান পাৰ্টিৰ ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ কমলা হেৰিছৰ মাজত মুখামুখি প্ৰতিদ্বন্দ্বিতা হৈছে।
দুয়োগৰাকী প্ৰাৰ্থীয়েই ইজনে-আনজনৰ ওপৰত ব্যক্তিগত আৰু ৰাজনৈতিক আক্ৰমণ চলাইছে। কমলা হেৰিছে মহিলাসকলক তেওঁলোকৰ গৰ্ভপাতৰ অধিকাৰ খৰ্ব কৰাৰ ভয় দেখুৱাই সমৰ্থন সংগ্ৰহ কৰিছে, আনহাতে ট্ৰাম্পে দাবী কৰিছে যে, কমলাৰ জয়ৰ লগে লগে আমেৰিকাত অনুপ্ৰৱেশকাৰীয়ে আধিপত্য বিস্তাৰ কৰিব। এনে পৰিস্থিতিত এই বিতৰ্কিত বিষয়বোৰ ভোটাৰক আকৰ্ষণ কৰাৰ বাবে প্ৰধান নিৰ্বাচনী অস্ত্ৰ হৈ পৰিছে।
ভাৰতৰ বাবে নিৰ্বাচনৰ অৰ্থ
এতিয়া ভাৰতৰ বাবে কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কেনে হব ভাৰত আৰু বিশ্বৰ আনদেশসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ?ৰ নিৰ্বাচনৰ অৰ্থ যিয়েই জয়ী নহওক কিয়, বিশেষকৈ এছিয়াত চীনৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ সৈতে বাণিজ্যিক আৰু সামৰিক অংশীদাৰিত্ব এক নিৰন্তৰ বিষয়বস্তু হৈ থাকিব।